অৰুণাচল প্ৰদেশৰ উজনি ছিয়াং জিলাৰ ছিংগিং গাঁৱত দুৰ্ঘটনাগ্ৰস্ত ভাৰতীয় সেনাৰ হেলিকপ্টাৰখনৰ ধ্বংসাৱশেষ উদ্ধাৰ হৈছে। উদ্ধাৰকাৰী দলে ঘটনাস্থলৰ পৰা দুটা মৃতদেহো উদ্ধাৰ কৰিছে।

উল্লেখ্য যে আজি ৰাতিপুৱা ১০ বাজি ৪৩ মিনিটত সেনাৰ ৰুদ্ৰ হেলিকপ্টাৰখনে নিয়মীয়া উৰণৰ বাবে যোৱাৰ পিছতে দুৰ্ঘটনাত পতিত হয়।

পাহাৰীয়া আৰু অতি দুৰ্গম অঞ্চলত সংঘটিত এই দুৰ্ঘটনাটোৰ পিছতে উদ্ধাৰকাৰী দলে উদ্ধাৰকাৰ্য আৰম্ভ কৰিছিল।

দুৰ্ঘটনা সংঘটিত অঞ্চলটোৰ সৈতে বাট-পথৰ কোনো সংযোগ নাই, কেৱল এখন ওলোমা দলং আছে। উদ্ধাৰ অভিযানৰ বাবে এখন এমআই-১৭ আৰু দুখন ধ্ৰুৱ চপাৰ ব্যৱহাৰ কৰা হৈছিল। এই অভিযানত সহায় কৰিছিল স্থানীয় লোকেও।

উল্লেখ্য যে হিন্দুস্তান এৰ’নেটিকছ লিমিটেডে ভাৰতীয় সেনাৰ বাবে নিৰ্মাণ কৰা ৰুদ্ৰ হৈছে এখন আক্ৰমণকাৰী হেলিকপ্টাৰ।