পেহীয়াটিত জিয়াঢলৰ বাকৰিত তিনি দিনায়াকৈ যাত্রাভিনয়।
পশ্চিম ধেমাজিৰ অন্তৰ্গত তথা ঘিলামৰা নিকটৱৰ্তী পেহীয়াটিৰ গাওঁৰক্ষী বাহিনী আৰু পেহীয়াটি গ্ৰাম্য সংগঠনৰ সহযোগত কালিৰে পৰা তিনিদিনিয়াকৈ যাত্রাভিনয় প্ৰদৰ্শিত হৈছে।কালি সন্ধিয়া কৰা হয় শ্ৰী বৈৎশ চিন্তাৰাণী নাট।
গাওঁৰ মহিলা যুৱতী আৰু কিশোৰ কিশোৰীয়ে অভিনয় কৰা নাট খনৰ সকলো চৰিত্ৰই দৰ্শকক বাৰুকৈ আপ্লুত কৰে।তিনিদিনীয়াকৈ অনুষ্ঠিত কৰা যাত্রাভিনয় চাবলৈ ঢকুৱাখনা, ঘিলামৰা, ধেমাজি, মাজুলী ,লখিমপুৰৰ বিভিন্ন প্ৰান্তৰ কেইবা শতাধিক দৰ্শকে ভিৰ কৰা পৰিলক্ষিত হয়।
দ্বিতীয় দিনা শুকুৰবাৰে হৰিচন্দ উপাখ্যান নাটখনৰ প্ৰদৰ্শিত কৰিব বুলি উদযাপন সমিতিযে জানিবলৈ দিয়ে।