কাৰ্বি আংলং জিলাৰ বাবে এক সুখবৰ, অসমৰ এই পাহাৰীয়া জিলা খনৰ পৰা সশস্ত্ৰ বাহিনীৰ বিশেষ ক্ষমতা আইন প্ৰত্যাহাৰ কৰা হৈছে।
অসম চৰকাৰে বৃহস্পতিবাৰে পশ্চিম কাৰ্বি আংলং জিলাক ‘অশান্ত অঞ্চল’ৰ পৰা মুক্ত কৰে।
ৰাজ্যখনৰ আইন-শৃংখলা পৰিস্থিতিৰ ওপৰত শেহতীয়া পৰ্যালোচনা বৈঠকৰ পিছত এই সিদ্ধান্ত লোৱা হয়।
চৰকাৰে জাৰি কৰা এক জাননীত কোৱা হৈছে যে শেহতীয়াকৈ অসমত আইন-শৃংখলা আৰু নিৰাপত্তা পৰিস্থিতিৰ পৰ্যালোচনাই ইংগিত দিছে যে ৰাজ্যখনৰ পশ্চিম কাৰ্বি আংলং জিলাত পৰিস্থিতি পূৰ্বতকৈ যথেষ্ট উন্নত হৈছে।
যাৰ বাবেই, সশস্ত্ৰ বাহিনী (বিশেষ ক্ষমতা) আইন, ১৯৫৮ৰ ধাৰা ৩ ৰ অধীনত প্ৰদান কৰা ক্ষমতা প্ৰয়োগ কৰি আৰু পূৰ্বৰ অধিসূচনাৰ অতিৰিক্ত অধিৱেশনত, অসমৰ ৰাজ্যপালে অসমৰ পশ্চিম কাৰ্বি আংলং জিলাৰ পৰা অশান্ত অঞ্চলৰ নাম প্ৰত্যাহাৰ কৰে।
ইয়াৰ পূৰ্বে, পশ্চিম কাৰ্বি আংলং জিলাৰ লগতে আন আঠখন জিলাকো অশান্ত অঞ্চলৰ ভিতৰত ৰখা হৈছিল। সেই কেইখন হৈছে- তিনিচুকীয়া, ডিব্ৰুগড়, চৰাইদেউ, শিৱসাগৰ, যোৰহাট, গোলাঘাট, কাৰ্বিআংলং, ডিমা হাচাও আৰু লক্ষীপুৰৰ কিছু অংশ।
পশ্চিম কাৰ্বি আংলঙক বাদ দি বাকী অঞ্চল সমূহত অহা ছয়মাহৰ বাবে আফস্পা প্ৰযোজ্য হৈ থাকিব।