১৯ অক্টোবৰ অৰ্থাত বুধবাৰে অনুষ্ঠিত হৈ যোৱা গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ একতা সভা ২০২২-২৩ৰ নিৰ্বাচনৰ ফলাফল আজি ঘোষণা কৰা হ’ল।

প্ৰকাশ পোৱা ফলাফল অনুসৰি, সভাপতি পদত জয় লাভ কৰিলে কাশ্যপ কল্যাণ গগৈয়ে। গগৈয়ে ১২০৫ টা ভোট লাভ কৰি জয়লাভ কৰে। উপ-সভাপতি পদত ১২২২টা ভোটেৰে জয়ী হয় নিৰঞ্জন বৰা।

আনহাতে সাধাৰণ সম্পাদক পদত পুণ্যব্ৰত দত্ত আৰু সহকাৰী সাধাৰণ সম্পাদক পদত দলবীৰ সিং নিৰ্বাচিত হয়। পুণ্যব্ৰতে ১১৫৩ টা ভোট আৰু দলবীৰে ৮৬২টা ভোট লাভ কৰে।

সাহিত্য আৰু সুকুমাৰ কলা বিভাগৰ পদত ১১৮২টা ভোট লাভ কৰি জয়ী হয় সৌৰভ দেউৰী। ১২০৭টা ভোটেৰে লঘু ক্ৰীড়াৰ পদ দখল কৰে মঞ্জিল শইকীয়াই।

ইফালে সমাজ সেৱা বিভাগৰ পদত মহম্মদ ফজাইল আহমেদ আৰু ছাত্ৰী জিৰণি কোঠাৰ পদত মৌচুমী ওজাই জয় লাভ কৰে। মোচুমীয়ে ৮৩৪টা ভোট আৰু ফজাই আহমেদে ১১৭০টা ভোট লাভ কৰি জয়ী হয়।

জানিব পৰা মতে, সভাপতি, উপ-সভাপতি, সাধাৰণ সম্পাদককে ধৰি অধিকাংশ পদ সদৌ অসম ছাত্ৰ সন্থাৰ সমৰ্থনযোগ্য প্ৰাৰ্থীয়ে জয় লাভ কৰে।