ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী (এন আৰ চি ) ক লৈ অসমৰ ৰাইজক বিৰাট ৰাম-ঠগন দিলে বিজেপি চৰকাৰে। 

Sponsored

ओम धगाल - पूर्व प्रदेश कार्यकारिणी सदस्य भाजपा युवा मोर्चा

ओम धगाल की और से हिंडोली विधानसभा क्षेत्र एवं बूंदी जिले वासियों को रौशनी के त्यौहार दीपावली की हार्दिक बधाई व शुभकामनाएं

অসম প্ৰদেশ কংগ্ৰেছৰ উপ-সভাপতি দ্বিজেন শৰ্মাই এন আৰ চিক লৈ সংবাদ মেল আয়োজন কৰি এই মন্তব্য কৰে। 

কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ সহযোগত এহেজাৰ ছশ কোটি টকা বাজেটেৰে এন আৰ চিৰ কাম কৰিছিল। কিন্তু সেই এন আৰ চি এতিয়া কি পৰ্যায়ত আছে বুলি প্ৰশ্ন কৰে শৰ্মাই।  

যোৱা তিনিটা বছৰত এন আৰ চি ফলপ্ৰসূ হৈ নুঠিল বুলি উল্লেখ কৰি শৰ্মাই চৰকাৰক প্ৰশ্ন কৰে যে ১৯ লাখ মানুহৰ নাম NRC ত বাদ পৰিছে। সেই সকল মানুহক লৈ আজি পৰ্যন্ত কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত কিয় লোৱা নহ'ল।

ধৰ্মৰ ভিত্তিত এই NRC কাম কৰিব বিচাৰিছিল বুলি বিস্ফোৰক অভিযোগ তুলি শৰ্মাই কয়, 'NRC-ৰ কথা অসমৰ মানুহে জানিব লাগে। ১৯ লাখ মানুহ কি পৰ্যায়ত আছে জনাব লাগে'। 

ইফালে ভাৰতীয় জনতা পাৰ্টীয়েও NRC সন্দৰ্ভত নিজৰ স্থিতি স্পষ্ট কৰিব লাগে বুলি কয় শৰ্মাই।