বকোৰ কেন্দুগুৰীত নিশা শোকাবহ পথ দুৰ্ঘটনা। অচিনাক্ত বাহনৰ খুন্দাত বাইক আৰোহী নিহত। 

নিহত যুৱকজন ৰাতুল ৰাভা (২৫)। ঘৰ গোৱালপাৰাৰ ৰংজুলীৰ নলবাৰীত। লগত থকা নথিৰ পৰা এই পৰিচয় উদ্ধাৰ কৰা হৈছে। 

দুৰ্ঘটনাত পতিত Yamaha FZ খনৰ নম্বৰ AS13 G 5469। 

বৰ্তমান বকো থানাত ৰখা হৈছে মৃতদেহ। 

প্ৰথম অৱস্থাত দুৰ্ঘটনাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত যুৱকজনক ভৰ্তি কৰা হৈছিল চিকিৎসালয়ত। কিন্তু বকো প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত কৰুণ মৃত্যু যুৱকজনৰ।