সোণাৰিত নিষিদ্ধ ড্ৰাগছ সহ এজনক আটক। 

সোণাৰিত নিষিদ্ধ ড্ৰাগছ সহ আটক। সোণাৰি বৰুৱা আলিত আটক কৰিলে অমৃত থাপা নামৰ ড্ৰাগছ সৰবৰাহকাৰীজনক। সোণাৰিত ভাড়াঘৰত থকা সময়তে বিভিন্ন জনৰ লগত ড্ৰাগছৰ সেৱন কৰি আহিছিল মাহমৰা টিমনৰ বাসিন্দা অমৃত থাপাই। সৰবৰাহকাৰী জনৰপৰা বুজন পৰিমাণৰ নিষিদ্ধ ড্ৰাগছ সহ AS 04 W 3557 নম্বৰৰ এখন বাইক জব্দ কৰিছে আৰক্ষীয়ে।