ৰাজ্যত বর্তমানেও বানৰ বিভীষিকা অব্যাহত আছে ৷ 

বানৰ কবলত পৰিছে ৰাজ্যৰ হাজাৰ হাজাৰ পৰিয়াল। ঘৰ-বাৰী, খেতি বাতি, পশুধন হেৰুৱাই এতিয়া সৰ্বস্বান্ত হৈছে বহু পৰিয়াল । ঘিলামত বানাক্ৰান্তক সহায় কৰিবলৈ উলাই আহিছে কংগ্ৰেছৰ ৰাজ্যিক সম্পাদক পদ্মলোচন দলে । আজি ঘিলামৰা স্থিত ঘিলামৰা পাৱলিক হাইস্কুল আৰু মাজি গাওঁ প্ৰাথমিক বিদ্যালয়ৰ বান আশ্ৰয় শিবিৰত থকা শতাধিক পৰিয়ালৰ মাজত সাহাৰ্য বিতৰণ কৰে কংগ্ৰেছ যুৱ নেটাগৰাকীয়ে । যোৱা ৩১ জুলাইত সৃষ্ট হোৱা বিধ্বংসী বানে ঘৰ বাৰীকে আদিকৰি খেতি পথাৰ সকলো জীয়াধলৰ বানে বিনষ্ট কৰাত ঢকুৱাখনা মহকুমাৰ সোৱণশিৰী ৰাজহ চক্ৰৰ বহু পৰিয়াল আশ্ৰয় শিবিৰত আশ্ৰিত গ্ৰহণ কৰিছে ৷ ইপিনে কেইবা শতাধিক দুৰ্ভগীয়া পৰিয়ালৰ মাজত উপস্থিত হৈ কংগ্ৰেছৰ শীর্ষ নেতা গৰাকীয়ে দুখ দুৰ্দশাৰ খবৰ লৈ বান সাহাৰ্য বিতৰণ কৰে । আনহাতে ৰাজ্যৰ তৃতীয়টো প্ৰলয়ংকৰী বানে ঘিলামৰা, বৰদৈবাম, চকলাগুৰি, ত্ৰিশূল, দিঘলীবস্তি, মাজিগাঁও আদি কেইবাখনো গাঁৱৰ ঘৰ-বাৰী জলমগ্ন কৰাৰ পিছতে আশ্ৰয় শিবিৰত বাহৰ পাতিব লগা হৈছে বহু পৰিয়াল ।