অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই ৰাজ্যৰ অন্যতম প্ৰভাৱশালী ৰাজনৈতিক দল এ আই ইউ ডি এফৰ লগত মিত্ৰতা নহয় বুলি ঘোষণা কৰিছে। 

ভূপেন বৰা থকালৈকে এ আই ইউ ডি এফৰ লগত মিত্ৰতা নহয় বুলি ৰাজহুৱা ঘোষণা কৰে বৰাই। 

এ আই ইউ ডি এফক ছদ্মৱেশী বিৰোধী আখ্যা দি ভূপেন বৰাই ভাৰত জড়ো যাত্ৰাৰ পিছত এইবাৰ অসমত কংগ্ৰেছৰ পদ যাত্ৰা হ’ব বুলি জানিবলৈ দিয়ে।

অহা ১ নৱেম্বৰৰ পৰা ভূপেন বৰাৰ নেতৃত্বত শদিয়াৰ পৰা ধুবুৰীলৈ হ'ব এই যাত্ৰা। ৮০ দিন ধৰি পদবজ্ৰে যাত্ৰা চলিব শদিয়াৰ পৰা ধুবুৰীলৈ।

এই যাত্ৰাৰ সময়ত সাধাৰণ লোকৰ সৈতেও কংগ্ৰেছ দলে আলোচনা কৰিব বুলি কয় বৰাই।