ছিপাঝাৰত পথ দুৰ্ঘটনাকলৈ উত্তেজিত স্থানীয় ৰাইজ।

ৰাইজে ৪ বজাৰ পৰা অৱৰোধ কৰি ৰাখিছে ১৫নং ৰাষ্ট্ৰীয় ঘাইপথ।

আবেলি ৩ বজাত ছিপাঝাৰৰ শিঙিমাৰিত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত

তীব্ৰবেগী বাছে মহতিয়াই নিয়ে বাইক আৰোহী এজন যুৱকক।

 ভাঙি চুৰমাৰ যুৱকজনৰ ৰয়েল এনফিল্ড বাইক।

সংকটজনক অৱস্থাত 

 শিঙিমাৰীৰ টিকেন্দ্ৰজিৎ বৰুৱা নামৰ যুৱকজন।

খান্দাজানত থকা নিজৰ দোকানৰ পৰা ঘৰলৈ আহোতে পিছফালৰ পৰা মঙলদৈ -গুৱাহাটী অভিমুখী বাছে মহতিয়াই নিয়ে যুৱকজনক।

যুৱকজনক নিজ গৃহৰ সন্মুখতে বাছখনে খুন্দিয়াই ।

বাছখনৰ নং AS25 CC6157 ।

বাইকৰ নং AS01-F9809 ।

 বৰ্তমান সংকটজনক অৱস্থাত মঙলদৈ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে যুৱকজনক ।

ইফালে ঘটনাস্থলীত উত্তেজিত হৈ পৰিছে স্থানীয় ৰাইজ।

বাৰে বাৰে উক্ত স্থানত সংঘটিত হৈ আছে দূৰ্ঘটনা।

পথ সুৰক্ষাৰ ক্ষেত্ৰত বৰ্তমানেও কোনো ব্যৱস্থা নোলোৱাৰ অভিযোগ ৰাইজৰ ।

ৰাইজে ঘটনাস্থলীত জিলা উপায়ুক্তৰ উপস্থিতিৰ দাবীত এতিয়াও পথ অৱৰোধ কৰি ৰাখিছে।