ৰঙিয়া মহকুমাৰ দক্ষিণ দিশৰ হাজো সমষ্টিৰ অন্তৰ্গত লৰমা গৌৰহাটী গাৱঁৰ কেইবাটাও পৰিয়ালে আজিও বৰলীয়া নৈৰ মঠাউৰিত তম্বু টানি আশ্ৰয় লৈ থাকিব লগা হৈছে৷
উল্লেখ্য যে যোৱা জুনমাহত বৰলীয়া নৈৰ প্ৰৱল সোতে নৈখনৰ মঠাউৰি চিঙি নিয়াৰ লগতে কেইবাটাও পৰিয়ালৰ ঘৰবাৰী সমন্বিতে সকলো সা-সামগ্ৰী উটুৱাই নি সৰ্বশ্ৰান্ত কৰিছিল৷ সেইসময়ৰ পৰা এইকেইটা পৰিয়ালে মঠাউৰিতে আশ্ৰয় শিবিৰ পাতি দুৰ্বিষহ জীৱন কতাই আছে৷ তেওঁলোকে কয় যে আমাক চৰকাৰে দিবলগা অৰ্থ সাহাৰ্য্য পাইছো৷
কিন্তু ঘৰ ভেটি হেৰুৱা এই কেইটা পৰিয়ালে অধীক ধন ব্যয় কৰি নিজৰ বনাবলৈ সামৰ্থ নাই৷ সেয়েহে পৰিয়াল কেইটাই চৰকাৰক অনুৰোধ কৰি কৈছে য়াতে তেওঁলোকৰ ঘৰখন পূনৰ প্ৰতিষ্ঠা কৰাত সহায় কৰে৷