চৰাইদেউ জিলা কৃষি বিভাগৰ উদ্যোগত কাতি বিহু পালন

চৰাইদেউ জিলা কৃষি বিভাগৰ উদ্যোগত সোণাৰিৰ চফ্ৰাই মোহন গাঁৱৰ সাৰ্বজনীন নাম ঘৰ চৌহদত অসমীয়াৰ বাপতি সাহোন কাতি বিহু পালন কৰাৰ উপৰিও কৃষি সজাগতা সভা অনুষ্ঠিত হয়। সম্পূৰ্ণ পৰম্পৰাগত ভাৱে কাতি বিহু পালন কৰি জিলা খনৰ বহু কেইজন প্ৰতিষ্ঠিত খেতিয়কক মান পত্ৰ প্ৰদান কৰাৰ উপৰিও বাৰ জনৰো অধিক হিতাধিকাৰিক আজি কৃষি সজুলি প্ৰদান কৰে অসম চৰকাৰৰ দুৰ্যোগ প্ৰশমন বিভাগৰ মন্ত্ৰী যোগেন মহন  আৰু সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে। চৰাইদেউ জিলাৰ উপায়ুক্ত প'ল বৰুৱাৰ পৌৰহিত্যত অনুষ্ঠিত সজাগতা সভাখনত জিলা কৃষি বিষয়া ৰবীন ইয়েনে আলোচনা আগবঢ়াই। তাৰপাছতে উপায়ুক্ত প'ল বৰুৱা, সোণাৰি সমষ্টিৰ  বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ আৰু কেবিনেট মন্ত্ৰী যোগেন মহনে উপস্থিত সকলোকে উদ্দেশ্যি কাতি বিহুৰ ওলগ জনোৱাৰ লগতে চৰাকাৰী ভাৱে কাতি বিহু পালন কৰা বাবে অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জ্ঞাপন কৰে। ইয়াৰ পাছতে মন্ত্ৰী যোগেন মহন, বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ, উপায়ুক্ত প'ল বৰুৱা, অতিৰিক্ত উপায়ুক্ত অভিজিত গগৈ আৰু জিলা কৃষি বিষয়া ৰবীন ইয়েনে পথাৰত সাতামপুৰুষীয়া পৰম্পৰা অনুসৰি বন্তি প্ৰজ্বলন কৰে।