সোণাৰি পৌৰ সভাৰ কাতি বিহু উদযাপন

চৰাইদেউ জিলাৰ সোণাৰি পৌৰসভাৰ কাৰ্যালয়ৰ সভাকক্ষত আজি প্ৰথম বাৰলৈ ছাত্র ছাত্ৰীৰ মাজত বাপতি সাহোন কাতি বিহুৰ লগত সংগতি ৰাখি ৰং তুলিকাৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰে পৌৰসভাৰ আয়ুক্ত আয়ুক্তা সকলে । পৌৰসভাৰ এনে কাৰ্যসূচীৰ কাৰণে সচেতন মহলে শলাগ লৈছে কাৰণ বৰ্তমানৰ নৱ প্ৰজন্ময় পাহৰি যোৱাৰ উপক্ৰম হৈছে কাতি বিহু কি , কাতি বিহুৰ দিনা ক'ত ক'ত চাকি বন্তি প্ৰজ্জ্বলন কৰা হয় , কাতি বিহুৰ দিনা তুলশী আইৰ চৰনত বন্তি ভাগ প্ৰজ্জ্বলন কৰি কি গীত গোৱা হয় । কিন্তু এতিয়াটো প্ৰায়বোৰ অঞ্চলত পথাৰ চন পৰি যোৱা পৰিলক্ষিত হৈছে । যদি কোনোবা ঠাইত বানপানীৰ কৱলত পৰিছে আন ক'ৰবাত আকৌ পুক পৰুৱাই খাই নষ্ট কৰিছে । গতিকে আজিৰ প্ৰজন্মৰ প্ৰতি লক্ষ্য ৰাখি সোণাৰি পৌৰসভাই যি তুলশী গছ , ধাননি পথাৰত এগচি বন্তি প্ৰজ্জ্বলনৰ দ্বাৰা ৰং তুলিকা প্ৰতিযোগিতাৰ যোগেদি এক শৈক্ষিক বাতাবৰণৰ পৰিচয় দিছে সেইয়া এক প্ৰসংশনীয় । আৰু এই চেগতেই সোণাৰি পৌৰসভাই ৰাজ‍্য বাসীলৈ বাপুতীসাহোন কাতি বিহুৰ ওলগ জনাইছে। 

মৃদুল নিবিড় বৰগোহাঁই চৰাইদেউ।। ।