কেঁচা চাহপাতৰ অভাৱনীয় মূল্য হ্ৰাস পোৱাত চিন্তিত ক্ষুদ্ৰ চাহ খেতিয়ক।ক্ৰমহ্ৰাসমান মূল্যৰ সন্দৰ্ভত ক্ষেত্ৰভিত্তিক অধ্যয়নৰ বাবে চাহ ব'ৰ্ডক নিৰ্দেশনা চৰাইদেউ জিলা উপায়ুক্তৰ।ক্ষুদ্ৰ চাহ খেতিয়ক সকলক মাধমাৰ সোধাই চৰাইদেউ জিলাৰ বট-লিফ ফেক্টৰীৰ মালিকসমূহে অভাৱনীয় হাৰত কেঁচা চাহপাতৰ মূল্য হ্ৰাস কৰাত ক্ষোভ প্ৰকাশ হৈছে চাহ খেতিয়ক সকলৰ মাজত। পুঁজিপতি বনিকগোষ্ঠীয়ে অধিক মুনাফা লাভৰ উদ্দেশ্যে নিৰ্ধাৰিত মূল্যৰ সলনি কেঁচা পাতৰ মূল্য হ্ৰাস কৰাত এতিয়া সংকটৰ সন্মুখীন হৈছে ক্ষুদ্ৰ চাহ খেতিয়ক সকল। উল্লেখ্য যে ৪০ শতাংশ গুণৰ বাবে প্ৰতিকেজি চাহপাতৰ মূল্য ২৭ টকা নিৰ্ধাৰণ কৰা হৈছিল যদিও জিলাখনৰ অধিকাংশ ফেক্টৰীৰ মালিকে এই নিৰ্দেশনা মানি চলা পৰিলক্ষিত হোৱা নাই। যাৰ ফলত চাহ খেতিৰ জৰিয়তে জীৱিকা নিৰ্বাহ কৰা খেতিয়কসকলে এই সংকটৰ পৰা পৰিত্ৰাণ পাবলৈ চৰকাৰৰ হস্তক্ষেপ বিচাৰিছে। ইফালে সোমবাৰে চৰাইদেউ জিলা উপায়ুক্তৰ অধ্যক্ষতাত অনুষ্ঠিত জিলা কেঁচা চাহপাতৰ মূল্য নিৰীক্ষণ সমিতিৰ বৈঠকৰ পাছত সমগ্ৰ বিষয়টো সন্দৰ্ভত ক্ষেত্ৰভিত্তিক অধ্যয়ন কৰি প্ৰতিবেদন দাখিল কৰিবলৈ চাহ ব'ৰ্ডক নিৰ্দেশনা দিয়া হৈছে বুলি জানিব পৰা গৈছে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
સાયન એન્ડ રાઈસ અને રોટરી ડિવાઇનનું એક્ઝિબિશન ડીસાના ધારાસભ્યના હસ્તે ખુલ્લું મુકાયું
સાયન એન્ડ રાઈસ અને રોટરી ડિવાઇનનું એક્ઝિબિશન ડીસાના ધારાસભ્યના હસ્તે ખુલ્લું મુકાયું
Airtel का ग्राहकों को तोहफा, पेश किया पहला AI आधारित स्पैम कॉल-मैसेज डिटेक्शन टूल
स्पैम काल की समस्या पर अंकुश लगाने के लिए भारती एयरटेल ने बुधवार को आर्टिफिशियल इंटेलिजेंस (एआई)...
सांसदी जाने के बाद अब बंगला खाली करने का नोटिस, राहुल गांधी की बढ़ी मुसीबत
लोकसभा से सदस्यता जाने के बाद अब राहुल गांधी को सरकार की ओर से आवंटित बंगला खाली करने का नोटिस...
मुफ़्त वाली घोषणाओं पर सुप्रीम कोर्ट की सख़्ती, सरकार और चुनाव आयोग से मांगी रिपोर्ट
चुनाव से पहले राजनीतिक पार्टियों की ओर से किए जाने वाले लोकलुभावन वादों यानी फ़्री बी पर रोक...
आमदार संदीप क्षीरसागर हस्ते राजुरी येथील गजानन सहकारी साखर कारखान्याच्या रोलरचे आज केले पूजन
आमदार संदीप क्षीरसागर हस्ते राजुरी येथील गजानन सहकारी साखर कारखान्याच्या रोलरचे आज केले पूजन