ঢকুৱাখনা মৰনৈ বেবেজীয়াৰ কৰঙা গাঁৱত অঘটন। চামপৰা নৈৰ বাঢ়নি পানীত পৰি মৃত্যু চুনুমণি চুতীয়া নামৰ এগৰাকী ৫০ বছৰীয়া মহিলা।

    মঙলবাৰে দুপৰীয়া শাৰীৰিক ভাৱে কিছু অসুস্থ চুনুমণি চুতীয়াৰ শিক্ষক স্বামী ক্ষীৰেশ্বৰ চুতীয়াই পত্নীক ভাত-পানী খুৱাই স্কুললৈ ওলাই যোৱাৰ পিছত ঘূৰি আহি পত্নীক ঘৰত নেদেখি বিচাৰ খোচাৰ লাগে।

    পিছত স্থানীয় কিছু লোকে মহিলা গৰাকীৰ চেণ্ডল যোৰ সমীপৰ চামপৰা নৈৰ পানী যুঁৱলীত পৰি থকা দেখি সন্দেহ বশত বিচাৰ-খোচাৰ কৰি মৃত অৱস্থাত উদ্ধাৰ কৰে।