অসমৰ দুটাকৈ আগশাৰী প্ৰতিষ্ঠান "অসম গেছ কোম্পানী লিমিটেড" আৰু "দুলীয়াজান নুমলীগড় পাইপ লাইন লিমিটেড"ৰ তৰফৰ পৰা "মুখ্যমন্ত্ৰী সাহায্য পুঁজি"লৈ ক্ৰমে ২৫ লাখ আৰু ৫০ লাখ টকাৰ চেক আগবঢ়াই। মন্ত্ৰী বিমল বৰাৰ লগতে অসম গেছ কোম্পানীৰ অধ্যক্ষ বলীন চেতিয়া, উপাধ্যক্ষ ইন্দ্ৰ গগৈ, দুলীয়াজান নুমলীগড় পাইপ লাইন লিমিটেডৰ অধ্যক্ষ ৰূপম গোস্বামী আৰু দুয়োটা প্ৰতিষ্ঠানৰ পৰিচালন সঞ্চালক গকুল চন্দ্ৰ স্বৰ্গীয়াৰি লগতে বিভিন্ন বিষয়া কৰ্মচাৰী সকল উপস্থিত থাকি মুখ্যমন্ত্ৰী হাতত চেক প্ৰদান কৰে।