ৰহা বজাৰ স্থিত সাৰ্বজনীন পূজা মণ্ডপত পহিলা বহাগৰ পৰা পাঁচ দিনীয়া কাৰ্য্যসূচীৰে অনুষ্ঠিত হোবা চতুৰ্থ বাৰ্ষিক শ্ৰীশ্ৰী মা বাসন্তী পূজা ৰ আজি ৩য় দিনী মহাঅষ্টমীত পুৰোহিতৰ বৈদিক মন্ত্ৰচাৰনেৰে মহাঅষ্টমী বিহিত পূজা অৰ্চনা কৰাৰ লগতে পুৰুষ মহিলা যুবক যুৱতী ভক্ত সকলে ধুপ দ্বীপ প্ৰজ্বলিত কৰি শৰাই আগবঢ়াই পূজা অৰ্চনা কৰি আশিৰ্বাদ লোবাৰ লগতে সমস্ত ক্ষেত্ৰ বৈদিক মন্ত্ৰচাৰনেৰে ভক্তিময় হৈ পৰে।

    উদযাপন সমিতিয়ে জানিব দিয়ে যে অহাকালি মহানবমী বিহিত পূজা অৰ্চনা আৰু ১৮এপ্ৰিলত দশমী বিহিত পূজা অৰ্চনা আৰু প্ৰতিমা বিসৰ্জন কৰি পাঁচ দিনীয়া শ্ৰীশ্ৰী মা বাসন্তী পূজা সমাপন কৰা হব।