চৰাইদেউত জিলাৰ সোণাৰিৰ বিনোদ ভূঞাৰ শিল্পীৰ যাদুকৰী প্ৰতিভা। পেলনীয়া সামগ্ৰীৰে গঢ় দিয়ে বিভিন্ন শিল্পীৰ।

সোণাৰিৰ এজন শিল্পী।

চৰাইদেউত জিলাৰ সোণাৰিৰ এজন শিল্পীৰ যাদুকৰী প্ৰতিভা।বিগত প্ৰায় কেইবা দশক ধৰি এই কলাৰ সৈতে জড়িত সোণাৰিৰ বিনোদ। চিত্ৰশিল্প আৰু ভাস্কৰ্য্য শিল্পৰ সৈতে দৈনিক ব্যস্ত এইজন বিনোদ ভূঞা। এই কলাবিধকে নিজৰ পেচা আৰু নেছা হিচাপে ব্যৱহাৰ কৰি শিল্পীগৰাকীয়ে সোণাৰিৰ বিভিন্ন লোকৰ মন জয় কৰিবলৈ সক্ষম হৈছে। পেলনীয়া সামগ্ৰী, কণীৰ খোলা,চিপ্চৰ পেকেট, মাটিৰ পাত্ৰ, বাঁহৰ চোঁঙা আদিত নিজৰ প্ৰতিভা আৰু নিজ মনৰ পৰা সৃষ্টি হোৱা আকৃতিৰে গঢ়ি তুলিছে বিভিন্ন আকৰ্ষণীয় বয় বস্তু। সোণাৰিৰ ৰাজহুৱা শ্মশানৰ দেৱাল অংকনৰে ৰাইজৰ মাজত তীব্ৰ চৰ্চা লাভ কৰিছে। বিনোদ ভূঞা এগৰাকী অক্ষাৎ শিল্পী যি গৰাকী শিল্পীৰ হাতত প্ৰাণ পায় উঠিছে ভাস্কৰ্য্য শিল্পৰ। সৰুৰে পৰা বিভিন্ন পেলনীয়া সামগ্ৰীৰে নিৰ্মাণ কৰি আহিছে বিভিন্ন যাৱতীয় সা-সামগ্ৰী,কোনো ধৰণৰ আনুষ্ঠানিক শিক্ষা নোলোৱাকৈয়ে এইজন শিল্পীয়ে নিষোধকৈ গঢ় দিয়ে বিভিন্ন আকৃতিৰ। কোনো চাকৰিৰ প্ৰতি মুষৰিত নহৈ নিজ কলাৰ প্ৰতিভাৰে পৰিয়াল পৰিচালনা কৰি আহিছে বিনোদ ভূঞাই।