আগন্তুক দেউৰী স্বায়ত্ত্বশাসিত পৰিষদৰ নিৰ্বাচনত বিজেপি দলৰ প্ৰাৰ্থী তালিকা চুড়ান্ত কৰিবলৈ নাৰায়ণপুৰলৈ আহে মন্ত্ৰী পীযুষ হাজৰিকা ৷ ৮ নবেম্বৰত অনুষ্ঠিত হ’বলগীয়া স্বায়ত্ত্বশাসিত পৰিষদৰ নিৰ্বাচনৰ বাবে দলটোৱে আজি মন্ত্ৰীগৰাকীৰ জৰিয়তে প্ৰাৰ্থীৰ তালিকা চুড়ান্ত কৰাৰ বাবে নাৰায়ণপুৰৰ নাহৰ হোটেলত দলীয় কাৰ্যকৰ্তা আৰু প্ৰাৰ্থীত্ব প্ৰত্যাশীসকলেৰে মুখামুখি হয় ৷ নাৰায়ণপুৰ উচ্চত্তৰ মাধ্যমিক বিদ্যালয়ত হেলিকপ্তাৰ অৱতৰণ কৰি মন্ত্ৰীগৰাকীয়ে দেউৰী পৰিষদীয় এলেকাৰ বিধায়ক সুশান্ত বুঢ়াগোঁহাই আৰু অমিয় কুমাৰ ভূঞাৰ লগতে সাংসদ পল্লবলোচন দাসক লগত লৈ হোটেল নাহৰত প্ৰৱেশ কৰি প্ৰথমে দলীয় কাৰ্যকৰ্তাসকলৰ সৈতে এক চমু আলোচনাত মিলিত হয় ৷ ইয়াৰ পাছত প্ৰাৰ্থীত্ব প্ৰত্যাশীসকলৰে সুকীয়া সুকীয়াকৈ মুখামুখি হয় ৷ উল্লেখ্য যে বিজেপি দখলত থকা দেউৰী পৰিষদ খন পুনৰবাৰ হস্তগত কৰিবলৈ শাসকীয় দলটো পুৰ্ণ শক্তিৰে নিৰ্বাচনত অৱতীৰ্ণ হ’ব বুলি জানিবলৈ দিয়া মন্ত্ৰীগৰাকীয়ে কয় নিৰ্বাচনত এশ শতাংশ আসনত জয়ী হ’ব বিজেপি দল ৷ পৰিষদখনত তৃতীয় বাৰলৈ অনুষ্ঠিত হ’ব লগা নিৰ্বাচনত এইবাৰ ২২ খন আসনত নিৰ্বাচন অনুষ্ঠিত হ’ব ৷ ইয়াৰ বাবে ১৯ অক্টোবৰত মনোনয়ন পত্ৰ দিয়াৰ অন্তিম দিন স্থিৰ কৰা হৈছে ৷ উল্লেখ্য যে আগন্তুক নিৰ্বাচনত শাসকীয় দলটোৰ পৰা প্ৰাৰ্থীত্ব লাভৰ বাবে আজি মন্ত্ৰীগৰাকীৰ সন্মুখীন হয় শতাধিক প্ৰত্যাশী ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
চলাপথাৰ বৌদ্ধ বিহাৰত ধৰ্মৰত্ন ডঃ শাসনবংশ মহাথেৰ ভন্টেৰ ৯৭ সংখ্যক জন্মদিন পালন
চলাপথাৰ বৌদ্ধ বিহাৰত ধৰ্মৰত্ন ডঃ শাসনবংশ মহাথেৰ ভন্টেৰ ৯৭ সংখ্যক জন্মদিন পালন
HDL Cholesterol: दिल की बीमारियों से बचाता है गुड कोलेस्ट्रॉल, इस तरह से बढ़ाएं इसका लेवल
हमारे शरीर में दो तरह के कोलेस्ट्रॉल पाए जाते हैं गुड कोलेस्ट्रॉल और बैड कोलेस्ट्रॉल। बैड...
#vp સરકારી યોજનાઓમાં ગાંધીજીનો પ્રભાવ વિષય પર પ્રોફેસરની સંશોધનને આંતરરાષ્ટ્રીય પુસ્તકમાં સ્થાન
#vp સરકારી યોજનાઓમાં ગાંધીજીનો પ્રભાવ વિષય પર પ્રોફેસરની સંશોધનને આંતરરાષ્ટ્રીય પુસ્તકમાં સ્થાન
Beed | परतीच्या पावसाने शेतकऱ्यांचे मोठे नुकसान; शासनाकडून अद्यापपर्यंत कुठलीही मदत नाही
Beed | परतीच्या पावसाने शेतकऱ्यांचे मोठे नुकसान; शासनाकडून अद्यापपर्यंत कुठलीही मदत नाही