৮ নবেম্বৰত অনুষ্ঠিত হ'ব লগা দেউৰী স্বায়ত্ত্বশাসিত পৰিষদৰ নিৰ্বাচনৰ বাবে তৎপৰ হৈ পৰিছে শাসকীয় বিজেপি ৷ দেউৰী পৰিষদৰ নিৰ্বাচনৰ বাবে দলে পৰ্যবেক্ষকৰ দায়িত্ব অৰ্পণ কৰাৰ পিছত মন্ত্ৰী পিয়ুষ হাজৰিকা আজি নাৰায়ণপুৰত উপস্থিত হৈ দলীয় প্ৰাৰ্থীত্ব বিচৰা প্ৰাৰ্থী সকলৰ লগত মত বিনিময় কৰে। নাৰায়ণপুৰ নগৰৰ হোটেল নাহৰৰ সভাকক্ষত মত বিনিময়ৰ উদ্দেশ্যে অনুষ্ঠিত সভাখনত মন্ত্ৰী গৰাকীক সংগ দিয়ে বিহপুৰীয়াৰ বিধায়ক ড.অমিয় কুমাৰ ভূঞা,সাংসদ পল্লবলোচন দাসে। ইয়াৰ পৰা গৈ ৰাজ্যিক সভাপতি আৰু মুখ্যমন্ত্ৰীৰ হাতত প্ৰতিবেদন দাখিল কৰাৰ পিছত আজি নিশা বা কাইলৈ দলৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰিব বুলি মন্তব্য কৰে মন্ত্ৰী গৰাকীয়ে। আনহাতে দেউৰী স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনত বিৰোধী শূন্য হব বুলি দাবী কৰাৰ লগতে কেউখন আসনতে বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীয়ে বিজয় সাব্যস্ত হব বুলি দাবী কৰে।