ৰঙিয়াত আজি ঐতিহাসিক হৰদত্ত - বীৰদত্ত ভৱনত সংগীত গ্ৰুপ অৱ ক্ৰিয়েচনৰ উদ্যোগত বানেশ্বৰ দেৱ শৰ্মা সোঁৱৰণী উমানাথ শিক্ষাগুৰু বটাঁ-২০২২ প্ৰদান অনুষ্ঠানৰ কাৰ্যসূচী অনুষ্ঠিত হয় । সংগঠনটোৰ সম্পাদক পঙ্কজ পল্লৱ শৰ্মাই সঞ্চালনা কৰা আৰু উজ্জ্বল ডেকাই আঁতধৰা অনুষ্ঠানটোত সাহিত্য, সংস্কৃতি, ক্ৰীড়া, চিকিৎসা, সামাজিক, ৰাজনীতিকে আদি কৰি বিভিন্ন ক্ষেত্ৰত আগবঢ়োৱা সেৱাৰ বাবে বটাঁ প্ৰদান কৰা হয় । বিশেষকৈ চিকিৎসা ক্ষেত্ৰৰ বাবে 'সেৱা-ৰত্ন' বঁটা আগবঢ়োৱা হয় গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ স্নাযু শৈল্য বিভাগৰ মুৰব্বী অধ্যপক ডা: মৃণাল ভূঞাক । ইয়াৰ উপৰিও জনপ্ৰিয় অভিনেতা চম্পক শৰ্মাক জীৱনজোৰা সাধনাৰ স্বীকৃতি স্বৰূপে নটচাৰ্য্য বটাঁ,বিশিষ্ট চিকিৎসক ডা: হিতেন কলিতাক ৰঙিয়া-ৰত্ন, স্থানীয় বিধায়ক তথা ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাক গণ-হিতৈষী বটাঁ, ডা: বেদব্ৰত পাঠকক মানৱ হিতৈষী বটাঁ, ৰামচৰণ পাঠকক নাম-শিৰোমণি বটাঁ, মইনুল হ'ক চৌধুৰীক সাহিত্যৰ-সাধক বটাঁ, বিকাশ ভট্টাচাৰ্য্যক ক্ৰীড়াশ্ৰী বটাঁ, জনপ্ৰিয় কন্ঠ শিল্পী কুমাৰ ভৱেশ কলিতাক কণ্ঠশ্ৰী বটাঁ, লিখিকা ডঃ ৰুণুমী দত্ত ডেকাক সু-অনি বটাঁৰ লগতে নৃপন ভূঞাক বিশিষ্ট সমাজ সেৱকৰ বটাঁ প্ৰদান কৰা হয় । ইফালে বিশেষ ৰাজ্যিক বটাঁ প্ৰদান অনুষ্ঠানৰ সংগতি ৰাখি 

জনপ্ৰিয় অভিনেত্ৰী কাশ্মিৰী শইকীয়া বৰুৱাকে ধৰি আন কেবাগৰাকী বিশিষ্ট লোকৰ উপস্থিতিত স্মৰণিকা 'দৈষ্টিক' আনুষ্ঠানিকভাৱে উন্মোচন কৰে বিধায়ক ভৱেশ কলিতাই । অনুষ্ঠানৰ প্ৰাক্ ক্ষণত প্ৰয়াত বানেশ্বৰ দেৱ শৰ্মাৰ স্মৃতিত বন্তি প্ৰজ্বলন কৰে সহধৰ্মিনি জয়মতী দেৱীয়ে ।