প্ৰয়াত ফখৰুদ্দিন আলী আহমেদদেৱক মৰণোত্তৰভাৱে 'ভাওনা প্ৰদীপ' বঁটা প্ৰদানসাংস্কৃতিক মহাসভা, অসম, মাজুলী জিলা সমিতিৰ ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰয়াত ফখৰুদ্দিন আলী আহমেদদেৱক মৰণোত্তৰভাৱে 'ভাওনা প্ৰদীপ' বঁটা প্ৰদান

চৰকাৰে গুৰুত্ব দিয়া নাই প্ৰাক্তন ৰাষ্ট্ৰপতি ফখৰুদ্দিন আলী আহমেদক- নাটি বোৱাৰীৰ অভিযোগ 

এই বঁটা আমি শংকৰদেৱ কলাক্ষেত্ৰত সংৰক্ষণৰ বাবে প্ৰেৰণ কৰিম 

চৰকাৰে আমাৰ কঁকাৰ স্মৃতি ৰক্ষাৰ কিবা এটা ব্যৱস্থা কৰক 

যি কাম চৰকাৰে কৰিব লাগিছিল সেই কাম মাজুলীবাসীয়ে কৰি দেখোৱালে - ইছমাইল হুছেইন

পৃথিৱীৰ সকলো ধৰ্মপ্ৰচাৰতকৈ শ্ৰেষ্ঠ ধৰ্ম প্ৰচাৰক হ'ল জগত গুৰু শ্ৰীমন্ত শংকৰদেৱঃ এই মন্তব্য বিশিষ্ট সাহিত্যিক ইয়েছে দৰ্জী ঠাংছী

সাংস্কৃতিক মহাসভা অসম মাজুলী জিলা সমিতি উদ্যোগত অনুষ্ঠিত প্ৰয়াত ৰাষ্ট্ৰপতি ফকৰুদ্দিন আলি আহমেদক মৰণোত্তৰ ভাৱে প্ৰদান কৰা ভাওনা প্ৰদীপ বটা প্ৰদান অনুষ্ঠানত উপস্থিত থাকে বিশিষ্ট সাহিত্যিক এয়েছে. দৰ্জী ঠাংছী

VO: মানৱ সমাজৰ আপুৰুগীয়া,অসমীয়া সমাজৰ স্বাভিমান সংস্কৃতি হল ভাওনা সংস্কৃতি। মহাপুৰুষ শংকৰদেৱে ভাওনা সংস্কৃতি সৃষ্টি কৰি সমাজত সমন্বয় স্থাপন কৰাৰ মাধ্যম প্ৰতিষ্ঠা কৰাৰ উপৰিও উত্তৰসূৰী হিচাপে অসমীয়া সমাজক এই সংস্কৃতি শুদ্ধ ৰূপত সংৰক্ষণ আৰু প্ৰচাৰ-প্ৰসাৰৰ দায়িত্ব অৰ্পণ কৰাৰ কথা কাৰো অবিদিত নহয়। অসমীয়া সমাজৰ এজন স্বনামধন্য কাণ্ডাৰীয়ে এই ভাওনা সংস্কৃতি প্ৰচাৰৰ ক্ষেত্ৰত যি অভূতপূৰ্ব অৰিহণা আগবঢ়াই গ'ল সি চিৰদিন চিৰস্মৰনীয় হৈ থাকিব। সেই গৰাকীয়েই হৈছে ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি অসম সন্তান প্ৰয়াত ফখৰুদ্দিন আলি আহমেদ।অসমৰ পৰা ভাৰতৰ ৰাষ্ট্ৰপতি পদ অলংকৃত কৰা প্ৰথম গৰাকী অসমীয়া প্ৰয়াত ফখৰুদ্দিন আলি আহমেদৰ সবল নেতৃত্বত ১৯৭৫ চনত মাজুলীৰ পৰা গুৰুজনাৰ 'ৰামবিজয়' নাট সুদুৰ ইন্দোনেছিয়াত প্ৰদৰ্শন কৰোৱাই যি শ্ৰদ্ধা- ভক্তি আৰু সত্ৰীয়া সংস্কৃতিক বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰাৰ বাঁট মুকলি কৰিলে তথা বিশ্ববাসীৰ দৃষ্টি আকৰ্ষণ কৰিলে সি এতিয়া সঁচা অৰ্থত বিশ্ব দৰবাৰত গজগজীয়া হ'ল। মাজুলীত একমাত্ৰ ৰাষ্ট্ৰপতি হিচাপে প্ৰদাৰ্পণ কৰা এই এগৰাকী বৰেন্য বক্তিকেই মাজুলী জিলা সাংস্কৃতিক মহাসভাৰ উদ্যোগত অহা আজি বৰ্ণাঢ্য কাৰ্যসূচীৰে মৰণোত্তৰভাৱে প্ৰদান কৰা হ'ল ''ভাওনা প্ৰদীপ" বঁটা। আজি গড়মূৰ খোনাচুক গাৱঁৰ মাধৱদেৱ কৃষ্টি সংঘৰ ৰংগমঞ্চত বঁটা প্ৰদান অনুষ্ঠানটিত হয় ।বঁটা প্ৰদান অনুষ্ঠানত সভাপতিত্বত কৰে বিশিষ্ট গৱেষক পণ্ডিত, সংগীত নাটক অকাডেমিৰ সদস্য তথা মৰাণ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ড° অনিল শইকীয়াৰ অনুষ্ঠানটিত সন্মানীয় অতিথি হিচাপে উপস্থিত আছিল আউনীআটী সত্ৰৰ অধিকাৰ ড° পীতাম্বৰ দেৱ গোস্বামী আৰু আৰু গড়মূৰ সত্ৰ সত্ৰাধিকাৰ পৰমানন্দ দেৱ গোস্বামী অনুষ্ঠানত সাহিত্যিক ইছমাইল হুছেইন , ইয়েছে দৰ্জী ঠাংছী ৷ 

ইফালে প্ৰয়াত প্ৰাক্তন ৰাষ্ট্ৰপতি গৰাকীৰ পৰিয়ালৰ লোকৰ হৈ নাতি ফৰিদ ৰচুল আৰু নাতি বোৱাৰীয়ে 'ভাওনা প্ৰদীপ' বঁটা নামৰ সাংস্কৃতিক মহাসভাই দিয়া বঁটা গ্ৰহণ কৰে।