ঢকুৱাখনাত ৰংগভূমিৰ উদ্যোগত আমাৰ গাঁও,শুৱনি গাঁও উদ্ধোধনী অনুষ্ঠান সম্পন্ন

ঢকুৱাখনা মহকুমাৰ অন্যতম অগ্ৰণী বেচৰকাৰী স্বেচ্ছাসেৱী অনুষ্ঠান "ৰংগভূমি"ৰ উদ্যোগত আৰু দুলীয়া বৰুৱা গাঁৱৰ ৰাইজৰ সহযোগত "আমাৰ গাঁও ,শুৱনি গাঁও"পৰিকল্পনা ৰূপায়ণৰ বাবে দেওবাৰে দুলীয়া বৰুৱা গাঁৱৰ নামঘৰৰ প্ৰাংগনত উদ্ধোধনী অনুষ্ঠান আয়োজন কৰে।ৰংগভূমি'ৰ ব্যতিক্ৰমী পদক্ষেপৰ অংশ স্বৰূপে দুলীয়া বৰুৱা গা‍ঁও খনক সৰ্বাংগীন বিকাশৰ বাবে শৈক্ষিক, সাংস্কৃতিক, স্বাস্থ্য, কৃষি,কাৰিকৰী কৌশল আৰু প্ৰাকৃতিক পৰিৱেশৰ মাজেৰে এখনি আদৰ্শ গাঁও হিচাবে গঢ়ি তুলিবলৈ অহোপুৰুষাৰ্থ প্ৰচেষ্টা কৰিছে।সেয়েহে ৰংগভূমি সঞ্চালক কৌস্তুভ কিশোৰ চুতীয়াই আঁতধৰা উদ্ধোধনী অনুষ্ঠানত উপস্থিত থাকি এখন আদৰ্শ আৰু শুৱনি গাঁও কেনেকৈ ৰূপায়ণ কৰিব পাৰি এই সম্পৰ্কে সমল ব্যক্তি হিচাবে ঢকুৱাখনা মহাবিদ্যালয়ৰ অধ্যাপক সেৱক চুতীয়া,এল টি কে কলেজৰ অধ্যাপক ৰণদ্বীপ বৰা,সমাজকৰ্মী দ্বীপেন শইকীয়া,হাৰ্হি একাডেমি হাইস্কুলৰ প্ৰধান শিক্ষক অৰুণজ্যোতি চুতীয়া , গোবিন্দপুৰ শংকৰদেৱ শিশু নিকেতনৰ প্ৰধান আচাৰ্যা দীপ্তি চুতীয়াৰ লগতে বহুসংখ্যক গন্যমান্য ব্যক্তিয়ে বক্তব্য আগবঢ়াই।ইফালে শিল্পীসকলৰ নৃত্যগীতে অনুষ্ঠানটো জীপাল হৈ পৰে৷