নলবাৰীৰ হৰিপুৰত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা। আল্ট্ৰা বাছৰ খুন্দাত থিতাতে নিহত হয় এগৰাকী মহিলা।

স্কুটিৰে নলবাৰীৰ দিশৰ পৰা ঘৰলৈ গৈ থকা অৱস্থাতে সংঘটিত হয় দুঘটনাটো। 

নিজ স্কুটিৰে স্বামী-স্ত্ৰী আৰু কণমানি সন্তানৰ সৈতে গৈ আছিল ঘৰলৈ। 

দুৰ্ঘটনাটোত থিতাতে নিহত জুমী ঠাকুৰীয়া, আনহাতে স্বামী দিপুল ঠাকুৰীয়া আৰু কণমানি দেৱশিশুটো কিছু পৰিমাণে আঘাতপ্ৰাপ্ত হয়। 

দুৰ্ঘটনাগ্ৰস্ত বাছখনৰ নম্বৰ AS01LC 6215 আৰু স্কুটিখনৰ নম্বৰ AS01EG0189।