অসম আন্দোলনত প্ৰাণাহুতি দিয়া শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ মৃত্যু দিনটোত সদৌ অসম ছাত্ৰ সন্থাই প্ৰতিবছৰে পালন কৰি অহা শ্বহীদ দিৱসটি এইবাৰ কেন্দ্ৰীয় ভাৱে সোণাৰিত অনুষ্ঠিত কৰা হ'ব। সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় শ্বহীদ দিৱসৰ কাৰ্যসূচীটো সদৌ চৰাইদেউ জিলা ছাত্ৰ সন্থাৰ উদ্যোগত অহা দহ ডিচেম্বৰত অনুষ্ঠিত কৰা হ'ব। সদৌ চৰাইদেউ জিলা ছাত্ৰ সন্থাৰ উদ্যোগত সোণাৰিত অনুষ্ঠিতব্য অনুষ্ঠানটিৰ অভ্যৰ্থনা সমিতি গঠনৰ উদ্দেশ্যে আজি সোণাৰিৰ শ্বহীদ উদ্যানত এখন ৰাজহুৱা সভা আয়োজন কৰা হয়। সদৌ চৰাইদেউ জিলা ছাত্ৰ সন্থাৰ সভাপতি দিলীপ বড়াৰ সভাপতিত্বত অনুষ্ঠিত হোৱা ৰাজহুৱা সভাখনৰ উদ্দেশ্য ব্যাখ্যা কৰে সদৌ অসম ছাত্ৰ সন্থাৰ কাৰ্যনিৰ্বাহক সদস্য অনুপজ্যোতি ভূঞাই। সদৌ অসম ছাত্ৰ সন্থাৰ সহকাৰী সাধাৰণ সম্পাদক প্ৰশান্ত দত্তৰ লগতে সোণাৰি মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ৰবিন চন্দ্ৰ কোঁৱৰ, অসম উন্নতি সভাৰ চৰাইদেউ জিলা সমিতিৰ সভাপতি বিপিন শৰ্মা, সোণাৰি মহাবিদ্যালয়ৰ অধ্যক্ষ ড° বিমল চন্দ্ৰ গগৈ, সোণাৰি কমাৰ্চ কলেজৰ অধ্যক্ষ ড° বিপুল দে, আপকুৰ উপদেষ্টা শোভিত কুমাৰ চেত্ৰী, সাংবাদিক পেঞ্চনাৰ বাছা বৰা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ চৰাইদেউ জিলা সমিতিৰ সম্পাদক লংকেশ্বৰ গগৈ, টাই আহোম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় প্ৰচাৰ সম্পাদক দিগন্ত চাংমাই, বিশিষ্ট অধিবক্তা জাকিৰ হুছেইন, সমাজকৰ্মী হেমন্ত কুমাৰ গদুকাৰ ওপৰিও চৰাইদেউ জিলাৰ বিভিন্ন প্ৰান্তৰ সমাজ সচেতন লোকসকল উপস্থিত থাকে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
કોડીનારમાં અઢી, સાવરકુંડલામાં બે ઇંચ વરસાદ : વેરાવળ, લોધિકા, જામકંડોરણા, ખંભાળીયા, ભેંસાણ, વંથલી, રસનાળમાં વધુ એકથી દોઢ ઇંચ પાણી વરસ્યું
સૌરાષ્ટ્રમાં મેઘસવારી ચાલુ રહેવા પામી છે અને છેલ્લા ર4 કલાક દરમ્યાન જુદા જુદા જિલ્લાઓમાં 1 થી 3.5...
ખાંભા તાલુકાના જુના માલકનેશ ગામે વિકસિત ભારત સંકલ્પ યાત્રા રથને મળ્યો મીઠેરો આવકાર
ખાંભા તાલુકાના જુના માલકનેશ ગામે વિકસિત ભારત સંકલ્પ યાત્રા રથને આવકારવામાં આવ્યો
સરકારની...
এশ এবুৰি সমস্যাৰে ভাৰাক্ৰান্ত মৰাণৰ সমীপৰ টিংখাং সমষ্টিৰ দুলীয়াবাম ব্লক গাঁও
বঞ্চনাই কোঙা কৰা এখন গাঁও । মন্ত্ৰী বিমল বড়া সমষ্টি টিংখাঙৰ কলৌলোৱা গাঁও পঞ্চায়তৰ...
25 सितंबर से 4 अक्टूबर तक का मौसम, बंगाल की खाड़ी में फिर बनेगा नया सिस्टम, फिर होगी मूसलाधार बारिश।
25 सितंबर से 4 अक्टूबर तक का मौसम, बंगाल की खाड़ी में फिर बनेगा नया सिस्टम, फिर होगी मूसलाधार बारिश।