ভাৰতীয় জনতা পাৰ্টীৰ মাহমৰা গ্ৰাম্য মণ্ডলৰ অন্তৰ্গত দেউৰী স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচন-২০২২ ৰ বিশেষ সাংগঠনিক সভা এখন আজি অনুষ্ঠিত হয়। সভাত উপস্থিত থাকে অসম চৰকাৰৰ দুৰ্যোগ প্ৰশমন বিভাগৰ মন্ত্ৰী যোগেন মহন আৰু সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ। প্ৰায় পাঁচ শতাধিক ৰাইজ উপস্থিত থকা সভাখনত আগন্তুক দেউৰী স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনৰ সন্দৰ্ভত আলোচনা কৰা হয়। এই সাংগঠনিক সভাখনত আদৰণি বক্তব্য প্ৰদান কৰে চৰাইদেউ জিলা বিজেপিৰ সভাপতি লক্ষ্মীনাথ তাছাই। তাৰ পাছত সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে উন্নয়ন আৰু বিকাশৰ বাবে ভাৰতীয় জনতা পাৰ্টীৰ প্ৰক্ষেপিত প্ৰাৰ্থীক জয় যুক্ত কৰিবলৈ আহ্বান জনোৱাৰ লগতে সকলো কাৰ্যকৰ্তাকে দায়িত্ব আৰু কৰ্তব্য নিষ্ঠা সহকাৰে পালন কৰিবলৈ আহ্বান জনায়। কেবিনেট মন্ত্ৰী যোগেন মহনে নিৰ্বাচন সম্পৰ্কত বিশদভাৱে আলোচনা আগবঢ়াই। নিৰ্বাচনত যি জনেই বি জে পি দলৰ পৰা প্ৰাৰ্থীত্ব পাব তেওঁৰে জয় নিশ্চিত বুলি মন্তব্য কৰে মন্ত্ৰী যোগেন মহনে। উক্ত দেউৰী স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনৰ বিশেষ সাংগঠনিক সভাত উপস্থিত থাকে চৰাইদেউ জিলা পৰিষদৰ সভানেত্ৰী বন্তি কোঁৱৰ, চৰাইদেউ জিলা বিজেপিৰ উপ-সভাপতি ৰজকমল মহন, মন্টু কোঁৱৰ, জেষ্ঠ কাৰ্যকৰ্তা ৰাসাল কুমাৰ, ৰাজ্যিক যুৱ মৰ্চাৰ সদস্য জ্যোতিষ কোঁৱৰ, নৱ বৰুৱা, মাহমৰা গ্ৰাম্য মন্ডলৰ সভাপতি হৰেণ গগৈ, সম্পাদক দিগন্ত আৰন্ধৰা, অনুসূচীত জাতি মৰ্চাৰ সভাপতি নিৰঞ্জন মিলি, উদয় পুৰ গাঁও পঞ্চায়তৰ সভানেত্ৰী স্মৃতি দুৱৰা, আঞ্চলিক পঞ্চায়তৰ সদস্যা জিন্টি চৰাইমুৰীয়া আৰু দলীয় কাৰ্যকৰ্তা সকল ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
जिल्ह्याच्या सर्वांगिण विकासाठी २७१ कोटीच्या आराखड्याला मंजुरी
रत्नागिरी : पक्षभेद बाजूला ठेऊन जिल्ह्याच्या सर्वांगिण विकासाठी जिल्ह्याच्या २७१ कोटीच्या प्रारुप...
Arvind Kejriwal Bail News: सीएम केजरीवाल को Delhi Highcourt से लगा झटका, अभी जेल में ही रहना होगा
Arvind Kejriwal Bail News: सीएम केजरीवाल को Delhi Highcourt से लगा झटका, अभी जेल में ही रहना होगा
3 चीज़ें जिनसे चेहरा सूरज की तरह चमक उठेगा | Anti-Aging Home Remedies
3 चीज़ें जिनसे चेहरा सूरज की तरह चमक उठेगा | Anti-Aging Home Remedies
NIA Raid: महाराष्ट्र-कर्नाटक में 40 से ज्यादा जगहों पर NIA का छापा, ISIS साजिश मामले में 15 गिरफ्तार
NIA Raid: महाराष्ट्र-कर्नाटक में 40 से ज्यादा जगहों पर NIA का छापा, ISIS साजिश मामले में 15 गिरफ्तार
Second Hand Car: 95 हजार में घर ले जाएं Maruti की WagonR, यहां चेक करें डील
Second Hand Car आज हम आपके लिए सेकंड हैंड कार की लिस्ट लेकर हैं। जो आपको 2 लाख रुपये से भी कम में...