নিখিল ভাৰত কংগ্ৰেছ সমিতিৰ সভাপতি পদৰ প্ৰাৰ্থী ড০ শশী থাৰুৰে নিৰ্বাচনৰ প্ৰচাৰ চলাবলৈ আজি গুৱাহাটীত উপস্থিত হৈ ৰাজীৱ ভৱনত একাংশ অসম কংগ্ৰেছৰ নেতা-কৰ্মীৰ সৈতে মত বিনিময় কৰে।

মত বিনিময়ৰ পিছত ৰাজীৱ ভৱনত সংবাদমেল সম্বোধন কৰি কংগ্ৰেছৰ জ্যেষ্ঠ নেতা তথা সাংসদ থাৰুৰে গুৱাহাটীলৈ আহি বহুত ভাল লগা বুলি অসমীয়াতে কয়।

তেওঁ কয়, ‘২০২৪ ৰ বাবে দলত পৰিৱৰ্তনৰ প্ৰয়োজন আছে। যি সকল ভোটাৰ পূৰ্বতে আমাৰ লগত আছিল, এতিয়া আঁতৰি গৈছে তেওঁলোকক পুনৰ ঘূৰাই আনিব লাগিব’,।

গান্ধী পৰিয়ালে ১০০ বছৰ কংগ্ৰেছ পৰিচালনা কৰিছে বুলি উল্লেখ কৰি কংগ্ৰেছৰ ডি এন এত সদায় গান্ধী পৰিয়াল থাকিবই বুলি মন্তব্য কৰে থাৰুৰে।

‘মোৰ উদ্দেশ্য হ’ল বিকেন্দ্ৰীকৰণ অনা। খাৰ্গে মোৰ বিৰোধী নহয়। মোৰ সহযোগী। একেলগে কাম কৰিছো। যিয়ে জয় নহওক কিয় একেলগে কাম কৰিম। আমাৰ মাথো চিন্তাৰ পাৰ্থক্য আছে’, থাৰুৰৰ মন্তব্য।

ইফালে সভাপতি নিৰ্বাচনক লৈ চলি থকা বিতৰ্ক সন্দৰ্ভত তেওঁ কয়, ‘যিবোৰ কথা বাহিৰত ওলাইছে সেইবোৰ অপপ্ৰচাৰ। কোনো এজন প্ৰাৰ্থী গান্ধী পৰিয়ালৰ নহয়। আমাৰ সকলোৰে হৃদয়ত আছে গান্ধী পৰিয়াল। আমাৰ আদৰ্শ’।

মই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা নকৰিলে ৰাহুল গান্ধীৰ লগত ভাৰত জোড়ো আন্দোলনত একেলগে থাকিলোহেতেন বুলি উল্লেখ কৰি কংগ্ৰেছ সকলোৰে দল, দলে সকলোৰে বাবে কাম কৰি যাব বুলিও মন্তব্য কৰে।

২০২৪ চনৰ লোকসভা নিৰ্বাচনত কংগ্ৰেছ দলৰ প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থী কোন হ’ব সেই বিষয়ে প্ৰশ্ন কৰাত তেওঁ কয়, ‘যোৱা দুটা সপ্তাহত মিডিয়াই আমাক যিমান গুৰুত্ব দিছে, পূৰ্বে ৮ বছৰে ইমান গুৰুত্ব দিয়া নাছিল। প্ৰথমে সভাপতি নিৰ্বাচন হৈ যাওক। তাৰ পিছত ২০২৪-ৰ প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থীৰ কথা পাতিম’।

ইফালে কংগ্ৰেছ দলৰ সভাপতি পদত কিয় প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে সেই সন্দৰ্ভত সোধা প্ৰশ্নৰ উত্তৰত তেওঁ কয়, ‘মই নিজকে শক্তিশালী প্ৰাৰ্থী বুলি ভাবো। সেই কাৰণে প্ৰতিদ্বন্দ্বিতা কৰিছো’।

যুৱ শক্তিক অধিক গুৰুত্ব দিয়াৰ কথা ঘোষণা কৰি শশী থাৰুৰে কয়, ‘কোনোবাই দলৰ পৰা আঁতৰি গ’লে বেয়া লাগে। যদি কোনোবাই দলত গুৰুত্ব নাপাই আঁতৰি গৈছে, তেন্তে মই দায়িত্ব পালে সকলোৱে সমানে গুৰুত্ব পাব। দলক শক্তিশালী কৰিবলৈ হ’লে ৰাজ্যসমূহত দল শক্তিশালী হ’ব লাগিব। দলৰ যিকোনো সিদ্ধান্ত প্ৰদেশ সভাপতিয়ে ল’ব পৰা হ’ব লাগিব। AICC সাধাৰণ সম্পাদকৰ ওপৰত নিৰ্ভৰশীল হ’লে নহ’ব’।

‘সকলো বিৰোধী দল একত্ৰিত হয়টো নহয়। কিন্তু একাংশ দল একত্ৰিত হোৱাৰ প্ৰয়োজন আছে, যাতে বিৰোধী ভোটৰ বিভাজন হ’ব নোৱাৰে। তেতিয়া সকলো সম্ভৱ হ’ব পাৰে। কোনো কথা অসম্ভৱ নহয়’, এইদৰে কয় থাৰুৰে।

ইফালে আজি থাৰুৰৰ অসম ভ্ৰমণত প্ৰদ্যুত বৰদলৈৰ বাহিৰে আন কোনো ডাঙৰ নেতা উপস্থিত নথকা সন্দৰ্ভত তেওঁ কয়, ‘বহু ডাঙৰ নেতা অহা নাই আজি। মোৰ আপত্তি নাই। নেতা আৰু সাধাৰণ ভোটাৰৰ ভোট একে। কিন্তু মিছা কথা কৈ ভোট বিচাৰিব নালাগে, কাৰোবাৰ সমৰ্থিত প্ৰাৰ্থী বুলি। কোনোবাই কোনোবাই কৈছে, সেইটো বেয়া কথা’।