উচ্চতম ন্যায়ালয়ে শুকুৰবাৰে নিলম্বিত অসম আৰক্ষীৰ উপ-মহাপৰিদৰ্শক ৰৌণক আলী হাজৰিকাক আয়তকৈ অধিক সম্পত্তি আহৰণৰ গোচৰত জামিন মঞ্জুৰ কৰে।

ন্যায়াধীশ বি আৰ গোৱাই আৰু বি ভি নাগাৰথনাৰ এখন বিচাৰপীঠে ৫ লাখ টকাৰ ফাৰ্নিচিং বণ্ড আৰু একে পৰিমাণৰ দুজন জামিনৰ অধীনত জামিন মঞ্জুৰ কৰে।

২০২১ চনৰ অক্টোবৰ মাহত, নিলম্বিত ডি আই জি ৰৌণক আলী হাজৰিকাক অসামঞ্জস্য সম্পত্তি গোচৰৰ সৈতে জড়িত থকাৰ অভিযোগত মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষে গুৱাহাটীৰ বাসগৃহৰ পৰা গ্ৰেপ্তাৰ কৰিছিল।

আৰক্ষী বিষয়াজনৰ বিৰুদ্ধে উত্থাপিত অসামঞ্জস্য সম্পত্তিৰ গোচৰত চলিত বৰ্ষৰ আৰম্ভণিতে মুখ্যমন্ত্ৰী ভিজিলেন্স চেলে দুৰ্নীতি প্ৰতিৰোধ আইনৰ অধীনত অপৰাধৰ প্ৰতি চূড়ান্ত পৰিপূৰক চাৰ্জশ্বীট দাখিল কৰিছিল।

উল্লেখ্য যে, বিভাগীয় কোনো অনুমতি নোলোৱাকৈয়ে ২০১১ চনৰ পৰা কেইবাবাৰো বিদেশ ভ্ৰমণ কৰাৰ বাবে ২০২১ বৰ্ষৰ জুলাই মাহত ৰাজ্য চৰকাৰে ৰৌণক আলী হাজৰিকাক নিলম্বন কৰাৰ পিছত বিগত বৰ্যৰে ৫ অক্টোবৰত তেওঁক গ্ৰেপ্তাৰ কৰিছিল।