ৰাজ্যখনৰ ছাত্ৰ-ছাত্ৰীসকলক ক্ষিপ্ৰতাৰে জাতিগত প্ৰমাণ পত্ৰ প্ৰদান কৰাৰ উদ্দেশ্যেৰে অসম চৰকাৰে গ্ৰহণ কৰা অভিলাষী আঁচনি "মিছন ভূমিপুত্ৰ"ৰ অধীনত আজি চৰাইদেউ জিলাত ছাত্ৰ-ছাত্ৰীসকলৰ মাজত জাতিগত প্ৰমাণ পত্ৰ বিতৰণ কৰা হয়। এই সন্দৰ্ভত উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত উপায়ুক্ত পল বৰুৱাৰ অধ্যক্ষতাত এখন সভা অনুষ্ঠিত হয়। সভাত জিলাখনৰ নিৰ্বাচিত ১০ খন বিদ্যালয়ৰ পাঁচ গৰাকীকৈ মুঠ ৫০ গৰাকী ছাত্ৰ-ছাত্ৰীক জাতিগত প্ৰমাণ পত্ৰ আনুষ্ঠানিকভাৱে প্ৰদান কৰা হয়। এই সভাত প্ৰদান কৰা ভাষণত উপায়ুক্ত গৰাকীয়ে ৰাজ্য চৰকাৰৰ "মিছন ভূমিপুত্ৰ" আঁচনিৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীসকলে এতিয়াৰে খৰতকীয়াভাৱে জাতিগত প্ৰমাণ পত্ৰ লাভ কৰাৰ সুবিধা লাভ কৰিবলৈ সক্ষম হ'ব বুলি উল্লেখ কৰে। তেওঁ লগতে কয় যে, চৰাইদেউ জিলাত ৰাজ্যখনৰ ভিতৰতে পোনপ্ৰথম বাৰৰ বাবে আনুষ্ঠানিকভাৱে "মিছন ভূমিপুত্ৰ" আঁচনিৰ অধীনত জাতিগত প্ৰমাণ পত্ৰ বিতৰণ কৰা হৈছে। সভাখনৰ আঁত ধৰে পোষণ অভিযানৰ জিলা সমন্বয়ক দ্বীপেন বৰুৱাই ।সভাত অতিৰিক্ত উপায়ুক্ত মৌচুমী চেতিয়া, সহকাৰী আয়ুক্ত জাহ্নৱী গোস্বামী, নিৰ্বাচনী বিষয়া নিবেদিতা বৰঠাকুৰ, বিদ্যালয়সমূহৰ পৰিদৰ্শক কমল জ্যোতি গগৈ প্ৰমুখ্যে বিভিন্ন বিদ্যালয়ৰ পৰা অহা প্ৰধান শিক্ষক-শিক্ষয়িত্ৰী, ছাত্ৰ-ছাত্ৰী আৰু ভালেসংখ্যক বিশিষ্ট নাগৰিক উপস্থিত থাকে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
स्वस्थ रखने के उद्देश्य से "योग फोर निरोगी बूंदी" स्वास्थ्य महाभियान की शुरुआत 19 जुलाई से खेल संकुल में
आमजन को नियमित योगाभ्यास द्वारा स्वस्थ रखने के उद्देश्य से "योग फोर निरोगी बूंदी" स्वास्थ्य...
સાબરમતી : ઘરમાં ઘૂસી યુવતી પર દુષ્કર્મ કરનાર યુવકને ટોળાએ પકડ્યો
સાબરમતીમાં ઝૂંપડપટ્ટીમાં ઘરમાં એકલી રહેલી 31 વર્ષીય દિવ્યાંગ યુવતીના
ઘરમાં ઘૂસીને યુવકે દુષ્કર્મ...
पिछले महीने पैसेंजर व्हीकल की रही अच्छी डिमांड: SIAM
पिछले महीने दोपहिया वाहनों की बिक्री बढ़कर 1623399 इकाई हो गई जो नवंबर 2022 में 1236282 इकाइयों...
સરકારી માધ્યમિક અને ઉચ્ચત્તર માધ્યમિક શિક્ષક સંઘ દ્વારા પીએમ શ્રી મોડેલ સ્કુલ રતનપુરાને જિલ્લાની શ્રેષ્ઠ સરકારી શાળા જાહેર કરવામાં આવી તેમજ ડીસાના ધારાસભ્ય પ્રવિણભાઈ માળી અને સંઘના પ્રમુખ ડો. એસ. ડી. જોષી સાહેબ તેમજ કિરીટભાઈ પટેલ દ્વારા
સરકારી માધ્યમિક અને ઉચ્ચત્તર માધ્યમિક શિક્ષક સંઘ દ્વારા પીએમ શ્રી મોડેલ સ્કુલ રતનપુરાને જિલ્લાની...
પાલનપુર સિવિલ હોસ્પીટલમા કેમ્પસમા સરકારી નર્સિંગ કોલેજમા 7 થી વધુ વિદ્યાર્થીનીઓને ફૂડ પોઇઝનિંગની અસર
પાલનપુર સિવિલ હોસ્પીટલમા કેમ્પસમા સરકારી નર્સિંગ કોલેજમા 7 થી વધુ વિદ્યાર્થીનીઓને ફૂડ પોઇઝનિંગની અસર