মৰাণ অঞ্চলৰ সৰবৰহী সমাজসেৱী, মৰাণৰ ৰাইদঙীয়া মধ্য ইংৰাজী বিদ্যালয় (বৰ্তমান ৰাইদঙীয়া উচ্চ মাধ্যমিক বিদ্যালয়)ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক, সাহিত্যকৰ্মী, মৰাণ ৰাজহ নগৰৰ মিলনপুৰ নিৱাসী উপেন্দ্ৰনাথ বৰুৱা (৮০)ৰ কালি বিয়লি বাৰ্ধক্যজনিত কাৰণত নিজা বাসগৃহত মৃত্যু হোৱাত সমগ্ৰ অঞ্চলটোত গভীৰ শোকৰ ছাঁ পৰে৷ ছাত্ৰাৱস্থাতেই সাহিত্য চৰ্চাত মনোনিৱেশ কৰা বৰুৱা একালত মৰাণ বৰডবা হাইস্কুল (বৰ্তমান মৰাণ উচ্চতৰ মাধ্যমিক বিদ্যালয়)ৰ আলোচনী সম্পাদক আছিল৷ শিক্ষকতাকে আজীৱন ব্ৰত হিচাপে লৈ জীৱন নিৰ্বাহ কৰা উপেন্দ্ৰনাথ বৰুৱাই অৱসৰ গ্ৰহণ কৰাৰ পাচত বৈষ্ণৱ ভকত ৰূপত অঞ্চলটোত আধ্যাত্মিক চৰ্চাৰ অনুকূল পৰিৱেশ সৃষ্টিত আত্মনিয়োগ কৰিছিল৷ মৃত্যুৰ সময়ত তেখেতে পত্নীসহ চাৰিগৰাকী পুত্ৰ, দুগৰাকী বিবাহিত কন্যাকে ধৰি অসংখ্য আত্মীয়-স্বজনক ইহসংসাৰত এৰি থৈ গৈছে৷ কালি নিশা মৰাণৰ লুকুমাইত বৰুৱাৰ শেষকৃত্য সম্পন্ন কৰা হয়৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ખેડા જિલ્લાની 6 વિધાનસભાની બેઠકો માટે 109 ઉમેદવારોએ દાવેદારી નોંધાવી.
ખેડા જિલ્લાની 6 વિધાનસભાની બેઠકો માટે 109 ઉમેદવારોએ દાવેદારી નોંધાવી.
ખેડબ્રહ્મામાં હાઇવે પર દબાણ હટાવવા વહીવટી તંત્ર સફાળું જાગ્યુ
ખેડબ્રહ્મામાં હાઇવે પર દબાણ હટાવવા વહીવટી તંત્ર સફાળું જાગ્યુ
...
हिंदू टाइगर फोर्स के राष्ट्रीय अध्यक्ष स्वर्गीय लखन सिंह नायक का सेवा कार्यक्रम मनाया जन्मदिन दी भावभीनी श्रद्धांजलि
बूंदी । हिंदू टाइगर फोर्स के राष्ट्रीय अध्यक्ष स्वर्गीय लाखन सिंह नायक के जन्मदिन...
વરનામાં પોલીસે સમસાબાદ ગામના ડેપ્યુટી સરપંચને જુગાર રમતા રંગે હાથ ઝડપી પાડ્યા
વરનામાં પોલીસે સમસાબાદ ગામના ડેપ્યુટી સરપંચને જુગાર રમતા રંગે હાથ ઝડપી પાડ્યા
ಬೆಂಗಳೂರಿನ ನಯನ ಸಭಾಂಗಣದಲ್ಲಿ ಅಮೃತ ಕಲಾಮಂದಿರದ "15ನೇ ವರ್ಷದ ವಾರ್ಷಿಕೋತ್ಸವ" ಸಮಾರಂಭ ನಡೆಯಿತು.
ನವೆಂಬರ್ 9, 2024
ಬೆಂಗಳೂರಿನ ನಯನ ಸಭಾಂಗಣದಲ್ಲಿ ಅಮೃತ ಕಲಾಮಂದಿರದ "15ನೇ ವರ್ಷದ ವಾರ್ಷಿಕೋತ್ಸವ" ಸಮಾರಂಭ...