মৰাণ অঞ্চলৰ সৰবৰহী সমাজসেৱী, মৰাণৰ ৰাইদঙীয়া মধ্য ইংৰাজী বিদ্যালয় (বৰ্তমান ৰাইদঙীয়া উচ্চ মাধ্যমিক বিদ্যালয়)ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক, সাহিত্যকৰ্মী, মৰাণ ৰাজহ নগৰৰ মিলনপুৰ নিৱাসী উপেন্দ্ৰনাথ বৰুৱা (৮০)ৰ কালি বিয়লি বাৰ্ধক্যজনিত কাৰণত নিজা বাসগৃহত মৃত্যু হোৱাত সমগ্ৰ অঞ্চলটোত গভীৰ শোকৰ ছাঁ পৰে৷ ছাত্ৰাৱস্থাতেই সাহিত্য চৰ্চাত মনোনিৱেশ কৰা বৰুৱা একালত মৰাণ বৰডবা হাইস্কুল (বৰ্তমান মৰাণ উচ্চতৰ মাধ্যমিক বিদ্যালয়)ৰ আলোচনী সম্পাদক আছিল৷ শিক্ষকতাকে আজীৱন ব্ৰত হিচাপে লৈ জীৱন নিৰ্বাহ কৰা উপেন্দ্ৰনাথ বৰুৱাই অৱসৰ গ্ৰহণ কৰাৰ পাচত বৈষ্ণৱ ভকত ৰূপত অঞ্চলটোত আধ্যাত্মিক চৰ্চাৰ অনুকূল পৰিৱেশ সৃষ্টিত আত্মনিয়োগ কৰিছিল৷ মৃত্যুৰ সময়ত তেখেতে পত্নীসহ চাৰিগৰাকী পুত্ৰ, দুগৰাকী বিবাহিত কন্যাকে ধৰি অসংখ্য আত্মীয়-স্বজনক ইহসংসাৰত এৰি থৈ গৈছে৷ কালি নিশা মৰাণৰ লুকুমাইত বৰুৱাৰ শেষকৃত্য সম্পন্ন কৰা হয়৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
નગરા ખાતેથી ૩૧ વર્ષીય પુરુષ ગુમ થતા ફરિયાદ.
ખંભાત તાલુકાના નગરા ખાતેના વણકરવાસમાં રહેતા ૩૧ વર્ષીય પુરુષ ચેતન મનુભાઈ નાગર ઘરેથી કાંઈ કહ્યા વગર...
મહેસાણા અગ્રેસર: PMJAY યોજનામાં મહેસાણા જિલ્લાએ લાભાર્થીઓને સૌથી વધુ કાર્ડ આપ્યા બદલ એવોર્ડ
મહેસાણા : WHO ના સહયોગથી જિલ્લા વહીવટી તંત્ર દ્વારા ઊંઝા ખાતે આયુષ્યમાન ભારતના પાંચ વર્ષની...
Kejriwal Bail: 'आपको देखकर तो ऐसा नहीं लगता...' ED की दलील के बाद कोर्ट ने 1 जून के लिए टाली सुनवाई
नई दिल्ली। दिल्ली के मुख्यमंत्री अरविंद केजरीवाल ने जमानत के लिए राउज एवेन्यू कोर्ट में...
নিৰ্ধাৰিত গেছতকৈ ৬/৭ কেজিলৈকে গেছ কম থাকিব পাৰে একোটা চিলিণ্ডাৰত
গেছ এজেঞ্চিৰ পৰা অনা ৰন্ধনগেছৰ চিলিণ্ডাৰটো আপুনি কেতিয়াবা জুখি চাইছেনে? নিৰ্ধাৰিত গেছতকৈ ৬/৭...
બોર્ડની પરીક્ષા આપવા જઈ રહેલા વિધાર્થીઓને શુભકામનાઓ પાઠવાઈ..
બોર્ડની પરીક્ષા આપવા જઈ રહેલા વિધાર્થીઓને શુભકામનાઓ પાઠવાઈ..