ঢকুৱাখনা দৈনিক বজাৰ সন্থাৰ উদ্যোগ অহা ২৬ অক্টোবৰ দিনা দিনজোৰা কাৰ্যসূচীৰে আয়োজন কৰিছে দ্বাদশ বাৰ্ষিক সবাহ ও ভাওনা উৎসৱ ৷ অসমীয়া জাতিৰ প্ৰাণ প্ৰতিষ্ঠা সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ মহাপুৰুষ, জগত গুৰু শ্ৰীমন্ত শংকৰদেৱৰ অৱদান কাল সংস্কৃতি সাৰোগত কৰি বিগত বছৰবোৰ দৰে এইবাৰো দিনযোৰা কাৰ্যসূচীয়ে আয়োজন কৰিছে এই ভাওনা সভা ৷ ভাওনা সভাখন পাতিবৰ কাৰণে প্ৰায় এমাহৰ পৰাই আখৰা কৰা লগতে ভাওনাখন সুকলমে পৰিচালনা কৰি দৰ্শকৰ মাজত পৰিৱেশন কৰিব বাবে দিনে ৰাতিয়ে দৈনিক বজাৰ সন্থাৰ একাংশ বিষয়ববীয়াই বহু কষ্টৰে সকলো কাম সম্পূৰ্ণ কৰি তুলিছে ৷ এই ভাওনা সভাৰ কাৰ্যসূচী অনুসৰি পুৱা ৬ বজাত পৰিৱেশ নিকাকৰণ কৰা পাছতে ৭ বজাত বিশিষ্ট সমাজ সেৱক প্ৰদীপ চমুৱাৰ দ্বাৰা ধৰ্ম ধ্বজা উত্তোলন ৷ ৯ বজাত চাৰিআলি চাপৰি গাঁৱৰ মিন বৰুৱাৰ দ্বাৰা পুৱা শৰাই প্ৰতিষ্ঠা ৷ ইয়াৰ পাছতে পুৱা ১০ বজাত ঢকুৱাখনা শংকৰদেৱ বিদ্যালয়ৰ প্ৰধান আচাৰ্য দেৱ গগৈয়ে উদ্ধোধন কৰা হৰি নাম অনুষ্ঠানত ঢকুৱাখনা চাউৰকীয়া গাৱঁৰ শংক - মাধৱ দিহানাম দলৰ সংগীবৃন্দই নাম পৰিৱেশন কৰিব ৷ বিয়লিলৈ উদযাপন সমিতিৰ সভাপতি নীল গোহাঁই দ্বাৰা বন্তি প্ৰজ্বলন আৰু সন্ধিয়ালৈ ঢকুৱাখনা দৈনিক বজাৰ সন্থাৰ যুৱ ব্যৱসায়ী সকলৰ দ্বাৰা "বিপ্ৰ দামোদৰ আখ্যান দন্ত বক্ৰৰ মুক্তিলাভ " নামৰ ভাওনা প্ৰদশৰ্ন ৷ ভাওনাখনি শুভ উদ্ধোধন কৰিব ধেমাজি জিলা হস্ত তাঁত বস্ত্ৰ শিল্পৰ জেষ্ঠ পৰিদৰ্শক অনন্ত কুমাৰ দত্তই ৷ এই দিনটোৰ কাৰ্যসূচীত ভক্তি প্ৰাণ ৰাইজৰ সহায় সহযোগিতা কামনা কৰিছে ঢকুৱাখনা দৈনিক বজাৰ সন্থাৰ সভাপতি নবীন দত্ত আৰু সম্পাদক যোজেন শইকীয়াই ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
હળવદ નગરપાલિકા દ્વારા દબાણ હટાવ ઝુંબેશ હાથ ધરી પણ માત્ર એકજ લારીગલ્લો હટાવતા અનેક તર્કવિતર્ક સર્જાયા
હળવદ નગરપાલિકા દ્વારા દબાણ હટાવ ઝુંબેશ હાથ ધરી પણ માત્ર એકજ લારીગલ્લો હટાવતા અનેક તર્કવિતર્ક સર્જાયા
શ્રીમત જયદીપસિંહજી માધ્યમિક અને ઉચ્ચતર માધ્યમિક શાળાનાબાળકોદ્વારાતિરંગારેલીનું આયોજનકરવામાંઆવ્યુહતું
શ્રીમત જયદીપસિંહજી માધ્યમિક અને ઉચ્ચતર માધ્યમિક શાળાનાબાળકોદ્વારાતિરંગારેલીનું આયોજનકરવામાંઆવ્યુહતું
Maruti Fronx का जापानी वर्जन है ज्यादा बेहतर, मिलते हैं ADAS और AWD जैसे फीचर्स
क्रॉस ओवर एसयूवी Maruti Fronx को भारत में बनाकर जापान में बिक्री के लिए उपलब्ध करवाया जा रहा...
पूर्व प्रधानमंत्री इंदिरा गांधी की जयंती पर बोले गहलोत, ''उन्होंने पाकिस्तान को दो टुकड़ों में बांट दिया था''
पूर्व प्रधानमंत्री इंदिरा गांधी की जयंती पर आज प्रदेश कांग्रेस कार्यालय में पुष्पांजलि...