ৰাইজৰ দলৰ মাজুলী জিলা সমিতিৰ সভাপতি বিষ্ণু দেউৰী আৰু সাধাৰণ সম্পাদক প্ৰাণজিত ৰাজখোৱাৰ নেতৃত্বত এটা সজাতি দলে আজি তেজস্বিতাৰ ঘটনাৰ সাক্ষ্য প্ৰদানৰ বাবে জিলা উপায়ুক্তৰ কাৰ্যালয়ত উপস্থিত হয়। জিলা সমিতিৰ সাধাৰণ সম্পাদক প্ৰাণজিত ৰাজখোৱাই জিলাৰ অতিৰিক্ত উপায়ুক্তৰ সমুখত ঘটনাৰ সাক্ষ্য প্ৰদান কৰে। 

উল্লেখ্য যে , ৰাইজৰ দলৰ মুখপাত্ৰ তথা মাজুলীৰ ৰাইজৰ দলৰ তত্বাবধায়ক টি এন প্ৰাণ ডাঙৰীয়াই পূৰ্বেও উক্ত ঘটনাৰ ৰাজহুৱা সাক্ষ্য প্ৰদানৰ বাবে উপস্থিত হৈছিল, কিন্তু কিশোৰী গৰাকীৰ মৃত্যুৰ সময়ত তেখেত উপস্থিত নথকাৰ অজুহাতত প্ৰশাসনে তেখেতৰ সাক্ষ্য গ্ৰহণ নকৰিলে।