বিষ্ণুৰৰ এখন ঘৰত এতিয়া কান্দোনৰ ৰোল।

ডিব্ৰুগড়ৰ মৰাণত কৰ্মস্থলীৰ পৰা সন্ধানহীন ছিপাঝাৰ বিষ্ণুপুৰৰ এজন যুৱক।

বিগত ছয় দিনে সন্ধান নাই ছিপাঝাৰৰ বিষ্ণুপুৰৰ ইদ্ৰিছ উল হক চৌধুৰীৰ পুত্ৰ মনোহৰ চৌধুৰীৰ।

কৰ্মসূত্ৰে ডিব্ৰুগড়ৰ মৰাণত আছিল ২৯ বছৰীয়া যুৱক মনোহৰ চৌধুৰী।

অন্নপূৰ্ণা মাইক্ৰ'ফাইনেঞ্চত কৰ্মৰত ছিপাঝাৰ বিষ্ণুপুৰৰ যুৱক মনোহৰ চৌধুৰী।

বিগত আঠ অক্টোবৰ, শনিবাৰে থকা ঠাইৰ পৰা অন্তৰ্ধান হোৱাৰ দুঃসংবাদ লাভ কৰে ঘৰত থকা পিতৃ-মাতৃয়ে।

মনোহৰৰ সহকৰ্মীয়ে ফোন কৰি জনোৱা মতে, পুৱা নিজৰ ম'বাইল ফোন, পাৰ্চ আদি বিচনাতে এৰি ওলাই যায় যুৱকজন।

তাৰ পিছৰে পৰা এই পৰ্যন্ত সন্ধানহীন যুৱকজন।

খবৰ পাই পিতৃয়ে পুত্ৰৰ সন্ধানত মৰাণহাটত বাহৰ পাতি স্থানীয় আৰক্ষীৰ সৈতে যোগাযোগ কৰিছে যদিও এই পৰ্যন্ত কোনোধৰণৰ খবৰ লাভ কৰিবলৈ সক্ষম হোৱা নাই।

ইফালে, কোনো সংগঠন অথবা ব্যক্তিয়ে যদিহে কোনো কাৰণত মনোহৰক অপহৰণ কৰিছে, তেনেহ'লে সোনকালে মুক্তি দিবলৈ কাতৰ অনুৰোধ জনাইছে মাতৃ, ভগ্নী আৰু গাওঁবাসীয়ে ।