ছিপাঝাৰৰ দুমুনিচকীত ৰাইজে উদ্ধাৰ কৰিলে ২০ টাকৈ দ্ৰাগছ্ কন্টেইনাৰ।

Sponsored

पटौदी इंटरप्राइजेज एवं अलगोजा रिसोर्ट - बूंदी

पटौदी इंटरप्राइजेज एवं अलगोजा रिसोर्ट कीऔर से बूंदी वासियों को दीपावली की हार्दिक बधाई व शुभकामनाएं

 সৰুকণ আলী নামৰ যুৱকজনৰ গৃহত ৰাইজে উদ্ধাৰ কৰে ২০টাকৈ কন্টেইনাৰ ।

দ্ৰাগছ্ খাবলৈ চুৰি কাৰ্যত নমা মাইজুদ্দিন আলী নামৰ আন এজন যুৱকৰ সহায়ত সৰুকণ আলীৰ বাসগৃহত উদ্ধাৰ হয় দ্ৰাগছখিনি।

 দিনৰ ১-৩০ বজাত ৰাইজ উপস্থিত হোৱাৰ সময়তে কৌশলেৰে পলায়ন কৰে সৰুকণ আলীয়ে।

পিছত ছিপাঝাৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ লৈ যায় দ্ৰাগছ্ কন্টেইনাৰ কেইটা।

 অঞ্চলটোৰ পৰা ইয়াৰ পূৰ্বেও ৰাইজে ধৰি আৰক্ষীক সোধাই দিছিল দ্ৰাগছ সৰবৰাহকাৰী।

ইফালে অঞ্চলটোৰ সৰ্বত্ৰ দ্ৰাগছ আসক্ত যুৱকৰ সংখ্যা বৃদ্ধিত শংকিত হৈ পৰিছে সচেতন অভিভাৱকসকল।

এইক্ষেত্ৰত আৰক্ষীৰ ভুমিকাত সন্তুষ্ট নহয় স্থানীয় ৰাইজ।