অসম বিধানসভাৰ সৰ্বদলীয় ৰাজহুৱা হিচাপ পৰীক্ষক সমিতিৰ ১১ জনীয়া এটা দলে যোৰহাট জিলাত আজি উপস্থিত হৈ জিলাখনত চৰকাৰী আঁচনিৰ দ্বাৰা কৰা উন্নয়নমূলক কাম কাজৰ বুজ লয়৷ দলটোৱে জিলা উপায়ুক্ত অশোক কুমাৰ বৰ্মন, জিলা পৰিষদৰ মুখ্য কাৰ্যৱাহী বিষয়া প্ৰনব কুমাৰ বৰা, জিলা পৰিষদৰ সভাপতি ৰঞ্জন শইকীয়াৰ লগতে জিলা পৰিষদ আৰু পঞ্চায়তৰ প্ৰতিনিধি, জিলা প্ৰশাসনৰ অন্যান্য বিষয়া আৰু বিভাগীয় মুৰব্বী বিষয়াসকলৰ উপস্থিতিত নিমাতী, পটিয়া ফকলা, তিতাবৰ আদি বিভিন্ন স্থানত উপস্থিত হৈ বিভিন্ন আঁচনিৰ কাম কাজ সমূহ পৰ্যবেক্ষণ কৰে৷ ৱাজেদ আলি চৌধুৰীৰ নেতৃত্বত অহা সমিতিৰ সদস্য তথা বিধায়কৰ দলটোত আজি ক্ৰমে ৰমেন্দ্ৰ নাৰায়ন কলিতা, বসন্ত দাস, হাফিজ বশিৰ আহমেদ, ভৱেন্দ্ৰ নাথ ভঁৰালী, উৎপল বৰা, কমলাক্ষ দে' পুৰকায়স্থ, কৰিমউদ্দিন বৰভূঁঞা, গোৱিন্দ্ৰ চন্দ্ৰ বসুমতাৰী, চক্ৰধৰ গগৈ আৰু কৌশিক ৰায় যোৰহাটত উপস্থিত হয়৷ দলটোৱে আজি জলসম্পদ, জনস্বাস্থ্য কাৰিকৰী, লোকনিৰ্মাণ, শিক্ষা, কৃষি, সীমান্ত সুৰক্ষা উন্নয়ন, স্বাস্থ্য, সমাজ কল্যাণ, খাদ্য আৰু অসামৰিক যোগান আদি কেইবাটাও গুৰুত্বপূৰ্ণ বিভাগৰ লগতে জিলা পৰিষদৰ অধীনত চলি থকা উন্নয়নমূলক কাম কাজ সমূহৰো পৰ্যবেক্ষণ কৰে৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
અકોટા વિસ્તારના બીટા ગરબા મહોત્સવમાં ગરબાની રમઝટ જામી 2022 | Spark Today News Vadodara
અકોટા વિસ્તારના બીટા ગરબા મહોત્સવમાં ગરબાની રમઝટ જામી 2022 | Spark Today News Vadodara
Asia Cup ২০২২ : ভাৰত পাকিস্তানৰ হাইভল্টেজ মেচ
Asia Cup ২০২২ ৰ আজি সন্দিয়া ৭.৩০ মিনিটত আৰম্ভ হব ক্ৰিকেট জগতৰ সকলোতকৈ ৰোমাঞ্চকৰ মেচখন। ডুবাই...
100 કરતા વધારે પણ શિક્ષકોનો સન્માન કરાયું
100 કરતા વધારે પણ શિક્ષકોનો સન્માન કરાયું
শিক্ষক ৰূপত জনপ্ৰিয় গায়ক কৃষ্ণমণি চুতীয়া।
শিক্ষক ৰূপত জনপ্ৰিয় গায়ক কৃষ্ণমণি চুতীয়া।
विरोध में शामिल नहीं हुए धारीवाल, लेकिन कांग्रेस नेताओं पर दर्ज मुकदमों पर जताई आपत्ति, सीएम को लिखा पत्र
कोटा. कोटा उत्तर के विधायक शांति धारीवाल हाल ही में नीट यूजी परीक्षा को रद्द करने की मांग, बिजली...