আৰক্ষীৰ খাকি পোচাকত দাগ লগোৱা মৰাণ আৰক্ষী থানাৰ অ' চি বিজয় দৈমাৰী আৰু এচ আই ভৱেন দত্তক ৰিজাৰ্ভ ক্ল'জ কৰিলে আৰক্ষী বিভাগে । থানাৰ ভিতৰত হিন্দী চিনেমাৰ কায়দাৰে গছকি গছকি মাৰিছিল ১০ জনকৈ যুৱকক মৰাণ আৰক্ষী থানাৰ অ' চি বিজয় দৈমাৰী আৰু এচ আই ভৱেন দত্তই। দুজন যুৱক চিকিৎসাধীন হ'ব লগা হৈছিল। এই ঘটনা ৰাজ্যযুৰি চৰ্চিত হৈ পৰিছিল । যুৱক কেইজনৰ আঘাতৰ চিন দেখি বুকু কঁপি উঠিছিল সকলোৰে । কিন্তু দুই আৰক্ষী বিষয়াক কেৱল মাত্ৰ ৰিজাৰ্ভ ক্ল'জ কৰিয়েই দায়িত্ব সামৰিব খোজাত এতিয়া জাঙুৰ খাই উঠিছে দল-সংগঠন লগতে সচেতন ৰাইজে। আজি মৰাণ আৰক্ষী থানাৰ অ' চি বিজয় দৈমাৰী আৰু এচ আই ভৱেন দত্তক উচিত শাস্তি দিয়াৰ দাবীত মৰাণত ৰাইজে কৰিলে তীব্ৰ প্ৰতিবাদ । মৰাণ কাণ্ডক লৈ মৰাণৰ পৰিদৰ্শন ভৱনৰ সন্মুখত ৰাইজৰ প্ৰতিবাদ। ডিমৌৰ সমূহ জাতি জনগোষ্ঠীয় দল- সংগঠনৰ উদ্যোগত এই প্ৰতিবাদ। মৰাণৰ পৰিদৰ্শন ভৱনৰ সন্মুখত আৰক্ষী আৰু প্ৰশাসনৰ লোকে বাধা দিয়ে প্ৰতিবাদকাৰীক। মৰাণৰ ৰাজহ চক্ৰ বিষয়া আৰু আৰক্ষী চক্ৰ পৰিদৰ্শক গৰাকী প্ৰতিবাদ স্থলীত উপস্থিত হৈ প্ৰতিবাদকাৰী সকলক উচিত তদন্ত কৰি দোষীক শাস্তি প্ৰদানৰ আশ্বাস প্ৰদান কৰাৰ পাছতে প্ৰতিবাদকাৰী সকলে প্ৰতিবাদ সামৰে যদিও অ' চি বিজয় দৈমাৰী আৰু এচ আই ভৱেন দত্তক উচিত শাস্তি প্ৰদান নকৰিলে ইয়াতকৈ জংগী আন্দোলন কৰাৰ হুংকাৰ প্ৰদান কৰে প্ৰতিবাদকাৰী সকলে । উল্লেখযোগ্য যে ডিমৌৰ ১০ জন যুৱকে অৰুণাচলৰ পৰা ইভেণ্ট মেনেজমেণ্টৰ কাম কৰি মৰাণৰ পেচিফিকা ইন ধাবাত ভাত খায় থকা অৱস্থাত মৰাণ থানাৰ অ'চি বিজয় দৈমাৰীৰ পত্নীক অশালীন ব্যৱহাৰ কৰা বুলি অভিযোগ তুলিছিল ১০ জন যুৱকৰ বিৰুদ্ধে। তাৰ পৰৱৰ্তী সময়ত নিশা মৰাণ থানাৰ ভিতৰত দহজনকৈ যুৱকক সম্পূৰ্ণ উলংগ কৰি হিন্দী চিনেমাৰ কায়দাৰে গছকি গছকি প্ৰহাৰ কৰাৰ কৰিছিল মৰাণ আৰক্ষী থানাৰ অ' চি বিজয় দৈমাৰী আৰু এচ আই ভৱেন দত্তই ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
અરવિંદ કેજરીવાલ જામનગર એરપોર્ટ ખાતે પધાર્યા
અરવિંદ કેજરીવાલ જામનગર એરપોર્ટ ખાતે પધાર્યા
Lok Sabha Election 2024: Akhilesh Yadav के बाद अब Rahul Gandhi का UP से चुनाव लड़ना तय
Lok Sabha Election 2024: Akhilesh Yadav के बाद अब Rahul Gandhi का UP से चुनाव लड़ना तय
ગીર સોમનાથમાં કેન્દ્રીય મંત્રીશ્રી પરશોત્તમભાઇ રૂપાલાની અધ્યક્ષતામાં સાગર પરિક્રમા યાત્રા-૨૦૨૨ અંતર્ગત કાર્યક્રમ યોજાયો
ગીર સોમનાથમાં કેન્દ્રીય મંત્રીશ્રી પરશોત્તમભાઇ રૂપાલાની અધ્યક્ષતામાં સાગર પરિક્રમા યાત્રા-૨૦૨૨...
યુપીની 2500 સરકારી શાળાઓમાં અદ્યતન સ્માર્ટ ક્લાસ શરૂ થશે ; ખાનગી શાળાઓને મારશે ટક્કર
ઉત્તર પ્રદેશની તમામ સરકારી માધ્યમિક શાળાઓને વાઈફાઈ સુવિધાથી સજ્જ કર્યા બાદ અહીં સ્માર્ટ ક્લાસ શરૂ...