আৰক্ষীৰ খাকি পোচাকত দাগ লগোৱা মৰাণ আৰক্ষী থানাৰ অ' চি বিজয় দৈমাৰী আৰু এচ আই ভৱেন দত্তক ৰিজাৰ্ভ ক্ল'জ কৰিলে আৰক্ষী বিভাগে । থানাৰ ভিতৰত হিন্দী চিনেমাৰ কায়দাৰে গছকি গছকি মাৰিছিল ১০ জনকৈ যুৱকক মৰাণ আৰক্ষী থানাৰ অ' চি বিজয় দৈমাৰী আৰু এচ আই ভৱেন দত্তই। দুজন যুৱক চিকিৎসাধীন হ'ব লগা হৈছিল। এই ঘটনা ৰাজ্যযুৰি  চৰ্চিত হৈ পৰিছিল । যুৱক কেইজনৰ আঘাতৰ চিন দেখি বুকু কঁপি উঠিছিল সকলোৰে । কিন্তু  দুই আৰক্ষী বিষয়াক কেৱল মাত্ৰ ৰিজাৰ্ভ ক্ল'জ কৰিয়েই দায়িত্ব সামৰিব খোজাত এতিয়া জাঙুৰ খাই উঠিছে দল-সংগঠন লগতে সচেতন ৰাইজে। আজি মৰাণ আৰক্ষী থানাৰ অ' চি বিজয় দৈমাৰী আৰু এচ আই ভৱেন দত্তক উচিত শাস্তি দিয়াৰ দাবীত মৰাণত ৰাইজে কৰিলে তীব্ৰ প্ৰতিবাদ । মৰাণ কাণ্ডক লৈ মৰাণৰ পৰিদৰ্শন ভৱনৰ সন্মুখত ৰাইজৰ প্ৰতিবাদ।  ডিমৌৰ সমূহ জাতি জনগোষ্ঠীয় দল- সংগঠনৰ উদ্যোগত এই প্ৰতিবাদ। মৰাণৰ পৰিদৰ্শন ভৱনৰ সন্মুখত আৰক্ষী আৰু প্ৰশাসনৰ লোকে বাধা দিয়ে প্ৰতিবাদকাৰীক। মৰাণৰ ৰাজহ চক্ৰ বিষয়া আৰু আৰক্ষী চক্ৰ পৰিদৰ্শক গৰাকী প্ৰতিবাদ স্থলীত উপস্থিত হৈ প্ৰতিবাদকাৰী সকলক উচিত তদন্ত কৰি দোষীক শাস্তি প্ৰদানৰ আশ্বাস প্ৰদান কৰাৰ পাছতে প্ৰতিবাদকাৰী সকলে প্ৰতিবাদ সামৰে যদিও  অ' চি বিজয় দৈমাৰী আৰু এচ আই ভৱেন দত্তক উচিত শাস্তি প্ৰদান নকৰিলে ইয়াতকৈ জংগী আন্দোলন কৰাৰ হুংকাৰ প্ৰদান কৰে প্ৰতিবাদকাৰী সকলে । উল্লেখযোগ্য যে ডিমৌৰ ১০ জন যুৱকে অৰুণাচলৰ পৰা ইভেণ্ট মেনেজমেণ্টৰ কাম কৰি মৰাণৰ পেচিফিকা ইন ধাবাত ভাত খায় থকা অৱস্থাত মৰাণ থানাৰ অ'চি বিজয় দৈমাৰীৰ পত্নীক অশালীন ব্যৱহাৰ কৰা বুলি অভিযোগ তুলিছিল ১০ জন যুৱকৰ বিৰুদ্ধে। তাৰ পৰৱৰ্তী সময়ত নিশা মৰাণ থানাৰ ভিতৰত দহজনকৈ যুৱকক সম্পূৰ্ণ উলংগ কৰি হিন্দী চিনেমাৰ কায়দাৰে গছকি গছকি প্ৰহাৰ কৰাৰ কৰিছিল মৰাণ আৰক্ষী থানাৰ অ' চি বিজয় দৈমাৰী আৰু এচ আই ভৱেন দত্তই ।