খৰস্ৰোতা দ্ৰোপাং নৈৰ বানত বিধ্বস্ত হৈছে নাৰায়ণপুৰ ৰাজহচক্ৰৰ অন্তৰ্গত আঠানীবাৰী গাঁও ৷ নৈখনৰ বাঢ়নী পানী তথা পাহাৰীয়া ঢলত দহটা পৰিয়ালৰ ঘৰ-বাৰী বিধ্বস্ত হৈ পৰাৰ লগতে প্ৰতিদিনে বালি পলসে পুতি নিয়ে বিঘা বিঘা কৃষিভুমি ৷ দ্ৰোপাং নৈখনে সুঁতি সলনি কৰি আঠানীবাৰী গাঁৱৰ মাজেৰে গতি কৰাৰ ফলত গাঁওখনৰ কৃষিভুমি পুখুৰীকে ধৰি ঘৰ-বাৰী সকলো বালি পলসে পুতি পেলাইছে ৷ কোনোমতে প্ৰাণ লৈ দুৰ্বিষহ জীৱন অতিবাহিত কৰিব লগা হৈছে ভুক্তভোগী পৰিয়ালকেইটা ৷ দ্ৰোপাং নৈৰ পাহাৰীয়া ঢলৰ সৈতে উঠি অহা বালি আৰু পলসে বাৰী পুখুৰী পথাৰ পথ আদি পুতি পেলোৱাৰ বিপৰীতে মুল নৈখনে গতিপথ সলনি কৰাত দিহিৰি পিচলা মধ্য ইংৰাজী বিদ্যালয়খন খহনীয়াত জাহ যোৱাৰ উপক্ৰম ঘটিছে ৷ সম্প্ৰতি বিদ্যালয়খনৰ নিচেই কাষেৰে তীব্ৰ গতিত প্ৰৱাহিত হৈ আছে দ্ৰোপাংৰ এটা সুঁতি ৷ যি কোনো মুহুততে বিদ্যালয়ৰ পকী গৃহ নৈ বুকুত জাহ যোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে ৷ তাৰোপৰি বৰষুণ হ’লেই নৈখনে কঢ়িয়াই অনা পাহাৰীয়া ঢলৰ বাবে ছাত্ৰ-ছাত্ৰীসকলে শিক্ষাগ্ৰহণ কৰাত বাধাৰ সৃষ্টি হৈ আহিছে ৷ দ্ৰোপাংৰ পাহাৰীয়া ঢল নামি আহিলে ঘৰ-বাৰী বাট পথ সকলোতে নিমিষতে প্ৰৱল স্ৰোতৰ সৃষ্টি হয় ৷ সেই সময়ত বাৰী ঘৰৰ সকলো সম্পদ ধৰি বান্ধি নথলে পানীয়ে উটুৱাই নিয়ে ৷ বহু পৰিয়ালৰ গৰু হাঁহ ছাগলী দ্ৰোপাংৰ ঢলে উটুৱাই নিছে ৷ এনেপৰিস্থিতিত বৰষুণ বতৰত উজাগৰি নিশা পাৰ কৰিব লাগে ৷ তাৎপৰ্যপূৰ্ণ কথাটো হ’ল আঠানীবাৰী অঞ্চলৰ বিধ্বস্ত অৱস্থাৰ বাবে দায়ী হৈছে ৰাজ্যৰ জলসম্পদ বিভাগটো ৷ খৰস্ৰোতা দ্ৰোপাং নদীৰ দুয়োকাষে জলসম্পদ বিভাগে বিশাল দুটা মঠাউৰি নিৰ্মাণ কৰিলে যদিও আঠানীবাৰী গাঁও তথা তাঁতিবাহাৰ ৰঙতি গড়কাপ্টানি পথৰ পকী দলং কাষলৈ প্ৰায় পাচঁশ মিটাৰ থকা অৱস্থাত মথাউৰিটো নিৰ্মাণ নকৰাকৈ থাকিলে বিভাগটো ৷ যাৰবাবে উন্মুক্ত মথাউৰিৰে দ্ৰোপাংৰ এটা সুঁতি বৈ আহি গাঁওখনৰ বৃহত্তৰ এটা অঞ্চলত বিভীষিকা সৃষ্টি কৰিছে ৷ জলসম্পদ বিভাগৰ এই টোগলকী কান্ডৰ মুলতে হৈছে পূৰ্ৱে তাতিবাহাৰ ৰঙতি গড়কাপ্টানি পথৰ দ্ৰোপাং নৈৰ ওপৰত নিৰ্মাণ কৰা পকী দলং খন ৷ প্ৰায় তিনিশ মিটাৰ প্ৰস্থৰ দ্ৰোপাং নৈখনৰ ওপৰত আঠানীবাৰী অঞ্চলত গড়কাপ্তানি পথটোত নিৰ্মাণ কৰা প্ৰায় ত্ৰিশ মিটাৰ দৈঘ্যৰ পকী দলং খনেৰে দ্ৰোপাংৰ পাহাৰীয়া ঢল পানী বৈ যোৱাৰ সক্ষমতা নথকাৰ বাবে মথাউৰিটো সম্পূৰ্ণ কৰিলে যি কোনো দিশত মথাউৰি ভঙাৰ লগতে পকী দলং খন ভাঙি যোৱাৰ আশংকা কৰি জলসম্পদ বিভাগে আঠানীবাৰী গাঁৱত উন্মুক্ত কৰি ৰাখিছে মথাউৰিটো ৷ যাৰ পৰিনতিত গাঁওখনৰ একোটা অঞ্চলত বিধ্বস্ত হৈ পৰিছে ৷ বছৰৰ পাছত বছৰ ধৰি গাঁওখনত দ্ৰোপাং নৈৰ পাহাৰীয়া ঢলে ঘৰ বাৰী কৃষিভুমি বিধ্বস্ত কৰি বহু পৰিয়ালক নিশাটোৰ ভিতৰতে ডাল দৰিদ্ৰ কৰি তুলিছে ৷ আঠানীবাৰী ৰাইজৰ ওৰ নপৰা দুৰ্দশা বুজ ল’বলৈ চৰকাৰী বিষয়া কৰ্মচাৰী আৰু জনপ্ৰতিনিধিৰ আহৰি নোপোৱা বুলি অভিযোগ তোলা বিধ্বস্ত ৰাইজৰ মুখ্যমন্ত্ৰীলৈ আহ্বান চৰকাৰে দ্ৰোপাং নৈখনত বিজ্ঞানসন্মত ভাৱে মঠাউৰি নিৰ্মাণ কৰি আঠানীবাৰী অঞ্চলটোৰ দ্ৰোপাংৰ কোপদৃষ্টিৰ পৰা পৰিত্ৰাণ দিব লাগে ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
সৰুপথাৰত অবৈধ চুলাই মদ ধ্বংস
গোলাঘাট জিলাৰ ধনশিৰি মহকুমাৰ সৰুপথাৰ আৰক্ষী থানাৰ অন্তৰ্গত ২নং গন্ধকৰৈ আৰু লতাজুৰি গাৱৰ পৰা...
यात्रियों की इस आदत से परेशान है वंदे भारत का स्टाफ | Ajmer Delhi Vande Bharat
यात्रियों की इस आदत से परेशान है वंदे भारत का स्टाफ | Ajmer Delhi Vande Bharat
Devendra Fadnavis यांनी Uddhav Thackeray यांना एकनाथ शिंदेंच्या नातवावरील वक्तव्यावरून दिला सल्ला
Devendra Fadnavis यांनी Uddhav Thackeray यांना एकनाथ शिंदेंच्या नातवावरील वक्तव्यावरून दिला सल्ला
बाढ़ को लेकर एक्शन मोड में अमित शाह; असम, UP और गुजरात के मुख्यमंत्रियों से की फोन पर बात, स्थिति का लिया जायजा
नई दिल्ली। केंद्रीय गृह मंत्री अमित शाह ने सोमवार को असम, उत्तर प्रदेश और गुजरात के...
সোণাৰিত নিচামুক্তি কেন্দ্ৰত চাঞ্চল্যকৰ ঘটনা
সোণাৰিত নিচামুক্তি কেন্দ্ৰত চাঞ্চল্যকৰ কাণ্ড । নিচামুক্তি কেন্দ্ৰতে মৃত্যু এজনৰ।...