আজিৰ খবৰ, গুৱাহাটী ,২ আগষ্ট, ২০২২ : পশ্চিম গুৱাহাটীৰ ৰাণী মণ্ডলৰ অন্তৰ্গত কাঁহিকুছি গাঁও পঞ্চায়তৰ যোগীপাৰা নামঘৰ প্ৰাঙ্গনত ভাৰতীয় জনতা পার্টি, বৌদ্ধিক কোষ অসম প্ৰদেশ, গুৱাহাটী মহানগৰ জিলা আৰু ৰাণী মণ্ডলৰ সহযোগত পহিলা আগষ্টত এক বক্তৃতামালা প্রতিযোগিতা অনুষ্ঠিত হৈ যায় । প্ৰতিযোগিতাৰ বিষয় আছিল "মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বৰ চৰকাৰ আৰু অসম ; তেনেদৰে " সৰ্বসাধাৰণৰ দৃষ্টিত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ অসম চৰকাৰ" । আনহাতে গুৱাহাটী জিলা ভিত্তিত অনুষ্ঠিত প্ৰতিযোগিতাত বিভিন্ন মণ্ডল আৰু বিজেপিৰ আন আন শাখা সমূহৰ পৰা প্ৰায় ৩৫ জন প্ৰতিযোগিয়ে ভাগ লয় । আনহাতে প্ৰতিযোগিতাত পশ্চিম গুৱাহাটী মণ্ডলৰ বিৰজা দেৱীয়ে প্ৰথম , ডিমৰীয়া মণ্ডলৰ ধ্ৰুৱজ্যোতি মেধিয়ে দ্বিতীয় , ৰাণী মণ্ডলৰ নিজৰা কলিতা আৰু গুৱাহাটী জিলা কিষাণ মৰ্চাৰ সঞ্জীৱ ডেকাই যুটীয়া ভাবে তৃতীয় স্থান লাভ কৰে । আনহাতে প্ৰতিযোগিতা আৰু বঁটা প্ৰদান অনুষ্ঠানত বিজেপিৰ অসম ৰাজ্যিক কমিটিৰ সাংগঠনিক সাধাৰণ সম্পাদক ফণীন্দ্ৰ নাথ শৰ্মা , গুৱাহাটী মহানগৰ জিলাৰ সভাপতি তপন চন্দ্ৰ কলিতা , প্ৰদেশ বৌদ্ধিক কোষৰ আহ্বায়ক ধ্ৰুৱ বৈশ্য , ৰাজ্যিক বৌদ্ধিক কোষৰ সদস্যদ্বয় ডঃ দিলীপ কলিতা আৰু চিৰঞ্জীত লহকৰ , বক্তৃতা প্ৰতিযোগিতাৰ বিচাৰকদ্বয় ক্ৰমে ডাঃ লোকেন প্ৰসাদ ডেকা আৰু প্ৰাণতোষ ৰয় , ৰাণী মণ্ডলৰ সভাপতি হৰকান্ত নাথ , জিলা পৰিষদৰ সদস্য শিখা নাথ চৌধুৰী , আজাৰা গাঁও পঞ্চায়তৰ সভানেত্ৰী কবিতা বড়ো ৰংপী , মাজিৰগাঁও গাঁও পঞ্চায়তৰ সভানেত্ৰী ববিতা বৈশ্যকে। ধৰি কেবাজনো পঞ্চায়ত প্ৰতিনিধি , গুৱাহাটী মহানগৰ জিলাৰ বিষয়ববীয়া , কাৰ্যনিৰ্বাহক সদস্য আৰু ১২টা মণ্ডলৰ বহু কাৰ্যকর্তা উপস্থিত থাকে ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Rahul sounds like Chinese ambassador : Chugh
jammu: BJP national general secretary Tarun Chugh today blasted Congress leader Rahul Gandhi for...
बलिया में स्वास्थ्य विभाग की बड़ी लापरवाही, सड़क हादसे में घायलों का सफाईकर्मियों ने किया इलाज
बलिया में स्वास्थ्य विभाग की बड़ी लापरवाही, सड़क हादसे में घायलों का सफाईकर्मियों ने किया इलाज
कोटा पुलिस बड़ी कार्रवाई,आम रोड पर एवं पार्को में नशा कर उत्पात मचाने वाले 17 व्यक्तियों को किया गिरफ्तार
पुलिस अधीक्षक डॉ. अमृता दुहन ने बताया कि कोटा शहर में आम रोड पर एवं पार्को में नशा कर उत्पात...
महाराष्ट्र में कांग्रेस की पहली लिस्ट, 48 नाम:नागपुर दक्षिण पश्चिम से देवेंद्र फडणवीस के खिलाफ प्रफुल गुडधे को उतारा
महाराष्ट्र विधानसभा चुनाव के लिए कांग्रेस ने गुरुवार रात 48 उम्मीदवारों की पहली लिस्ट जारी की।...