আৱাহন থিয়েটাৰত জ্যোতিপ্ৰসাদ আগৰৱালাৰ অমৰ সৃষ্টি ‘লভিতা’ বিকৃত ৰূপত প্ৰদৰ্শন কৰা কাৰ্যত ব্যথিত-উদ্বিগ্ন জনপ্ৰিয় শিল্পী জুবিন গাৰ্গ৷ ৰূপকোঁৱৰৰ পৰিয়ালে এই কথাত স্বাভাৱিক কাৰণতে দুখ পাইছে আৰু অসমৰ ৰাইজেও আঘাত পাইছে, বেয়া পাইছে বুলি মন্তব্য কৰি এইবোৰ হ’ব নালাগে আৰু এইবোৰ হোৱাৰ ৰাস্তা বন্ধ কৰিব লাগে বুলি মন্তব্য কৰিছে জুবিন গাৰ্গে৷ সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত জুবিন গাৰ্গে এইদৰেও কয়– ‘মই থিয়েটাৰখন চোৱা নাই মাত্ৰ দুটা দৃশ্য চাইছোঁ৷ গতিকে কিমান মিল আছে মই নাজানো৷ যদি এডাপটেচন কৰিছে তেতিয়াহ’লে এডাপটেচন কৰিব পাৰে কিন্তু লিখি দিব লাগিব যে মই এইটো ষ্টৰীৰ পৰা এডাপটেচন কৰিছোঁ৷ এইটো বাহিৰত চলে৷ ইণ্ডিয়াতো বহুতে কৰে৷ আমিও কৰিছোঁ৷ আমি মেক্সিম গৰ্কীৰ নাটক আমি এডাপটেচন কৰি কৰিছোঁ৷ কিন্তু তাত এডাপটেচন বুলি লিখিব লাগিব৷ তাত অলপমান সলনি হ’ব পাৰে৷ গোটেই থিয়েটাৰখন নোচোৱাকৈ মোৰ কমেণ্ট দিবলৈ দিগদাৰ হৈ যায়৷ যদি বহুত বস্তু সলনি হৈছে তেতিয়াহ’লে নামটো অলপ সলনি দিব লাগে৷ তেতিয়া একো অসুবিধা নহয় তেতিয়া এডাপটেচনৰ দৰে হৈ যায়৷ ক’বলৈ দিকদাৰ এইবোৰ কথা৷ মই সিদিনাখন প্ৰস্তুতিৰ নিমন্ত্ৰণ ক্ৰমে গৈ মাত্ৰ দুটা দৃশ্য চালোঁ৷ মই আকৌ চাম বাৰু৷ কপী বুলি নকওঁ৷ কপী সকলোতে চলি থাকে৷ এডাপটেচন কৰিলে বা এটা ছীষ্টেমেটিক ৱে’ত গ’লে ভাল, তেতিয়া মানুহে বেয়া নাপায়৷ এতিয়া ৰূপকোঁৱৰৰ পৰিয়ালৰ মানুহে বেয়া পাইছে কথাটো৷ সেইবিলাক হ’ব নালাগে৷ সেইবিলাক কথাত মই দুখ পাইছোঁ...৷’
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Covid & H3N2 Flu: क्या आप एक साथ हो सकते हैं कोविड और फ्लू के शिकार? जानें कैसे दिखते हैं लक्षण...
Covid & H3N2 Flu: भारत में इस वक्त श्वसन से जुड़ी बीमारियों का मौसम चल रहा है। एक तरफ...
समूह चर्चा में दिया स्वच्छता का संदेश
राजस्थान नगरीय आधारभूत विकास परियोजना की सामुदायिक जागरूकता एवं जन सहभागिता इकाई ने बुधवार को...
ছিপাঝাৰত ৰঙামাটি-কুৰুৱা সংযোগী RIDF আঁচনিৰ পথ নিৰ্মাণৰ শুভাৰম্ভণি বিধায়কৰ
RIDF শিতানৰ অধীনত ৰঙামাটিৰ পৰা কুৰুৱা ব্ৰহ্মপুত্ৰৰ মথাউৰিৰ ওপৰত কালি আঠ কি:মি পথৰ শুভাৰম্ভণি কৰা...
અમદાવાદ: મુકબધિર વિદ્યાર્થિનીઓનું નૃત્ય જોઈ અનેક રાજ્યના DIGથી કોન્સ્ટેબલે જુઓ Video શું કર્યું
અમદાવાદ: તે વિદ્યાર્થિનીઓ મુકબધિર હતી, છતાં તેમનું નૃત્ય જોઈ અનેક રાજ્યના DIGથી કોન્સ્ટેબલે જુઓ...
नदी को पार करते समय डूबे युवक का 5 दिन बाद भी नहीं लगा कोई सुराग
कोटा.जिले की ग्राम पंचायत ढोटी के काठोन गांव में अरु नदी को पार करते समय डूबे युवक का पांच दिनों...