বৰাহী বাগিচাত আজি কিহক লৈ উত্তেজিত হৈ পৰে একাংশ শ্ৰমিক

সোণাৰিৰ বৰাহী চাহ বাগিছাত আজি পুৱা এক উতপ্ত পৰিস্থিতিৰ সৃষ্টি হয়।  বাগিছাখনত কালি পূজাৰ সময়ত শ্ৰমিক সকলক চিনেমা দেখুৱাবৰ বাবে মজুৰিৰ পৰা কৰ্তন কৰা হৈছিল ধন । এই কাৰ্য্য বন্ধ কৰিবলৈ বাগিছা কৰ্তৃপক্ষক বি চি এম এচ এ হেঁচা দিয়াত শ্ৰমিক সকল উত্তেজিত হৈ পৰে আৰু বাগিছাৰ মূখ্যদ্বাৰৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰি থকাৰ সময়তে বি চি এম এচ সদস্য সকলৰ সৈতে হতাহতিত লিপ্ত হয় ।