জম্মু, ৩০ আগষ্ট। জম্মু-কাশ্মীৰৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী তাৰা চান্দকে ধৰি ৬৪ জনতকৈও অধিক জ্যেষ্ঠ কংগ্ৰেছ নেতাই মঙলবাৰে গুলাম নবী আজাদৰ সমৰ্থনত দলৰ পৰা পদত্যাগ কৰে। তেওঁলোকে কংগ্ৰেছ অধ্যক্ষ ছোনিয়া গান্ধীলৈ এখন যুটীয়া পদত্যাগ পত্ৰ দাখিল কৰি পদত্যাগ কৰে। এক সংবাদমেলত তাৰা চান্দ আৰু প্ৰাক্তন মন্ত্ৰী আব্দুল মজিদ ৱানী, মনোহৰ লাল শৰ্মা, ঘাৰু ৰাম আৰু প্ৰাক্তন বিধায়ক বলৱান সিঙকে ধৰি আন কেইবাজনো লোকে দলটোৰ প্ৰাথমিক সদস্যপদ পদত্যাগৰ কথা ঘোষণা কৰে। অনুষ্ঠানত ভাষণ প্ৰদান কৰি বলৱান সিঙে কয় যে তেওঁলোকে আজাদৰ সমৰ্থনত কংগ্ৰেছ অধ্যক্ষ ছোনিয়া গান্ধীলৈ এখন যুটীয়া পদত্যাগ পত্ৰ দাখিল কৰিছে।

উল্লেখ্য যে ৭৩ বছৰীয়া জম্মু-কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী গুলাম নবী আজাদে শুকুৰবাৰে পদত্যাগ পত্ৰ দাখিল কৰি কংগ্ৰেছৰ সৈতে তেওঁৰ পাঁচ দশকজোৰা পুৰণি সম্পৰ্কৰ সমাপ্তি ঘটায়। তেওঁ শীঘ্ৰেই জম্মু-কাশ্মীৰৰ পৰা ৰাষ্ট্ৰীয় পৰ্যায়ৰ দল আৰম্ভ কৰিব। প্ৰাক্তন মন্ত্ৰী আৰু বিধায়কসহ বাৰজনৰো অধিক বিশিষ্ট কংগ্ৰেছ নেতাৰ উপৰিও শ শ পঞ্চায়তীৰাজ সংস্থান (পিআৰআই)ৰ সদস্য, পৌৰ নিগমআৰু জিলা আৰু খণ্ড পৰ্যায়ৰ নেতাসকলে ইতিমধ্যে আজাদৰ সমৰ্থনত কংগ্ৰেছ ত্যাগ কৰিছে।