গুৱাহাটী মহানগৰীৰ লাচিত নগৰত তিনি মহলীয়া অট্টালিকাৰ পৰা পৰি এজন শ্ৰমিকৰ মৃত্যু হোৱাৰ খবৰ আহিছে।

মৃত শ্ৰমিক জনৰ নাম ভোলা বুলি জানিব পৰা গৈছে।

জগন্নাথ এপাৰ্টমেণ্টত সংঘটিত হৈছে ঘটনাটো।

মহাদেৱ ডেকাৰ ভাতৃৰ ঘৰৰ নির্মাণকার্য চলি থকা অৱস্থাতে সংঘটিত হয় এই কৰুণ ঘটনাটো।

অট্টালিকাটোৰ হাউচ নম্বৰ ৪২ৰ নিৰ্মাণ কাৰ্য্য চলি আছিল। ঘটনা সন্দৰ্ভত এতিয়ালৈ মুখ খোলা নাই কোনো লোকে।

দুৰ্ঘটনাটোৰ পিছত গুৱাহাটী মেডিকেল কলেজ হাস্পতাললৈ শ্ৰমিক জনক লৈ আহিছিল যদিও থিতাতে মৃত্যু হোৱা বুলি ঘোষণা কৰে হাস্পতাল কৰ্তৃপক্ষই।