ঘাগৰা , চিলি নৈৰ জল পৃষ্ঠ বৃদ্ধি

চিচিবৰগাওঁ ৰাজহ চক্ৰৰ ২৫ খন গাওঁ বান-খহনীয়াৰ কৱলত// বিধায়ক সাংসদ ক ক্ষুৰধাৰ সমালোচনা বানবিদস্ত গঞাৰ 

চিলাপথাৰ,১৩ অক্টোবৰঃ অসমৰ লগতে চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশত কেইবাদিনৰ পৰা নেৰানেপেৰাকৈ বৰষুণৰ ফলত পাহাৰীয়া নদীৰ জল পৃষ্ঠ বৃদ্ধি পোৱাত চিলাপথাৰৰ গ্ৰামাঞ্চল বানৰ কবলত পৰিছে। চিচিবৰগাওঁ ৰাজহ চক্ৰৰ অন্তৰ্ভুক্ত মালোনীপুৰ পঞ্চায়তৰ ব্ৰীজবাৰী, ভান্সে , জীপু , ব্ৰহ্মপুৰ , চিলাঁসূতিৰ দলংগুৰি , মুক্তিয়াৰ , সোনাৰিঘাট আদি কৰি চিলাপথাৰৰ বিভিন্ন গ্ৰাম অঞ্চল আহিনমহীয়া বানৰ কৰাল গ্ৰাসত পৰিছে ২৫ খনকৈ গাওঁ। পাহাৰ ভৈয়ামে অব্যাহত ধাৰাষাৰ বৰষুণৰ ফলত ঘাঘৰা নৈৰ বাঢ়নি পানীয়ে মালোনীপুৰ পঞ্চায়তৰ হাতীগড় , প্ৰজেক্ট আলি আৰু বংকপল গাওঁৰ ৪৭ টাকৈ পৰিয়ালৰ ঘৰ উটুৱাই নিলে ঘাঘৰাৰ তীব্ৰ সোঁতে। ইফালে চিলি নৈৰ তীব্ৰ খহনীয়াৰ কৱলত নদীৰ বুকুত জাহ গ'ল চিলি অসমীয়া গাওঁৰ এটা পৰিয়ালৰ গৃহ। বাসগৃহ , ধাঁনৰ ভৰাঁল , গোহালী সকলো হেৰুৱাই সৰ্বশান্ত দিলিপ চুতীয়া নামৰ লোকজন। খহনীয়াৰ মাজতে বাকী থকা ঘৰ বাৰী বানৰ কৱলত পৰিছে। ভয়ংকৰ বান খহনীয়াৰ গৰাহত পৰি অঘৰীলৈ পৰ্যবসিত হৈছে বহু পৰিয়াল । ঘৰ ভাঙি লাম লাখুটি লৈ নিৰাপদ স্থানলৈ আশ্ৰয় বিচাৰিছে ৰাইজে । শেহতীয়াকৈ অঞ্চলটোৰ বান গৰা খহনীয়াৰ দৃশ্য কেইটা দেখিলে অনুমান কৰিব পাৰি যে কি পৰিৱেশ, পৰিস্থিতিৰ মাজতে অন্য স্থানলৈ ঢাপলি মেলিছে । ইফালে ডিমৌ নৈৰ পকোপত ভৈৰৱপুৰ-মহাৰানী পথৰ কেইবাহ ঠাই খণ্ড বিখণ্ড হৈ পৰাত যমৰ যাতনা ভুগিছে গঞাই । ১৬ খনকৈ গাওঁৰ সুবিধাৰ্থে কাষতে ২২ লক্ষাধিক টকা ব্যয় সাপেক্ষে নিৰ্মীত বাঁহৰ দলং খনৰ অৱস্থা স্পৰ্শকাতৰ হৈ পৰিছে । যিকোনো মুহূৰ্তত ভাঙি পৰিব পাৰে দলং খন। উল্লেখ্য যে আহিনমহীয়া আৱতীয়া বানে চিচিবৰগাওঁ ৰাজহ চক্ৰৰ ১৪৩৩ হেক্টৰ কৃষি ভূমি পাব্লিত হৈছে । যাৰ ফলত বিনষ্ট শ শ কৃষৰ প্ৰচল । বান মুক্ত অসম গঢ়াৰ প্ৰতিশ্ৰুতি দিয়া বিজেপি চৰকাৰৰ দিনত ঘৰৰ ভেঁটি হেৰুৱা পৰিয়ালৰ ঠিকনা আৰু অধিক দীঘলীয়া হৈছে । কেৱল নিৰ্বাচনৰ সময়তে ভোটাৰ ৰাইজৰ কাষ চপা দুখৰ সময়ত খৱৰ ল'বলৈ সময় নোপোৱা বিধায়ক ভূৱন পেগু সাংসদ প্ৰদান বৰুৱাক তীব্ৰ সমালোচনা কৰিছে ৰাইজে । বানে তাণ্ডৱ চলোৱা চিলাপথাৰ অঞ্চলৰ বান পীড়িত গঞাঁৰ ঘৰ বাৰী হেৰুওৱাৰ মৰ্ম বেদনা কোনে শুনিব, কোনে বুজিব। ক্ষতিগ্ৰস্ত গঞাৰ আৰ্তনাদ শুনিবনে বিভাগীয় চৰকাৰ তথা কৃতপক্ষই ।

ফটো দিছোঁ