টিংখাং সমষ্টিৰ অন্যতম আগশাৰীৰ চৰকাৰী বিদ্যালয় শ’লগুৰি উচ্চ মাধ্যমিক বিদ্যালয়ে সগৌৰৱেৰে সোণালী জয়ন্তী বৰ্ষ উদযাপন কৰিছে ৷ বৰ্ষজোৰা কাৰ্যসূচীৰে উদযাপন কৰা সোণালী জয়ন্তী সমাৰোহৰ সৈতে সংগতি ৰাখি উদযাপন সমিতিয়ে বৰ্ণাঢ্য কাৰ্যসূচী হাতত লৈছে ৷ সমাৰোহৰ সৈতে সংগতি ৰাখি বুধবাৰে উদযাপন সমিতিয়ে শিক্ষাৰ্থীসকল উপকৃত হ’ব পৰাকৈ এক ব্যতিক্ৰমী কৰ্মশালাৰ আয়োজন কৰে ৷ অসমীয়া বানান আৰু যুক্তাক্ষৰ কৰ্মশালা অনুষ্ঠিত কৰে উদযাপন সমিতিয়ে ৷ দুদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা কৰ্মশালাত শ’লগুৰি উচ্চ মাধ্যমিক বিদ্যালয়ৰ উপৰি দাঁতিকাষৰীয়া বহুকেইখন বিদ্যালয়ৰ তিনিশৰো অধিক শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰে ৷ কৰ্মশালাটি আনুষ্ঠানিকভাৱে উদ্ধোধন কৰে শলগুৰি মণ্ডলৰ মণ্ডল সমন্বয়ক প্ৰণৱ শৰ্মাই ৷ অনুষ্ঠানটিৰ আঁত ধৰে শিক্ষয়িত্ৰী লখিমী চুতীয়া গগৈয়ে ৷ কৰ্মশালাত প্ৰশিক্ষক হিচাপে অংশগ্ৰহণ কৰে টিংখাং উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অসমীয়া বিভাগৰ অৱসৰী বিষয় শিক্ষক জগত বকলীয়াল , একেখন বিদ্যালয়ৰে অসমীয়া বিভাগৰ অৱসৰপ্ৰাপ্ত বিষয় শিক্ষক সোণমাই বৰুৱা বকলীয়াল আৰু বাঘমৰা মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক জগত কোঁচে ৷ প্ৰশিক্ষকসকলে শিকাৰ্থীসকলক অসমীয়া শব্দৰ উচ্চাৰণ , যুক্তাক্ষৰ আৰু বানানৰ ওপৰত বিতংভাৱে প্ৰশিক্ষণ প্ৰদান কৰে ৷ কৰ্মশালা কাৰ্যসূচীত শিক্ষানুষ্ঠানখনৰ প্ৰধান শিক্ষক লক্ষীনন্দন ফুকন , বিদ্যালয়খনৰ শিক্ষক-শিক্ষয়িত্ৰী , অৱসৰপ্ৰাপ্ত শিক্ষক প্ৰেম বৰগোহাঞিকে প্ৰমুখ্যে কৰি বিভিন্ন শিক্ষানুষ্ঠানৰ মূৰব্বী আৰু শিক্ষকসকলে অংশগ্ৰহণ কৰে ৷ উল্লেখ্য যে ২০২১ বৰ্ষৰ ৩ ডিচেম্বৰত শ’লগুৰি উচ্চ মাধ্যমিক বিদ্যালয়ৰ সোণালী জয়ন্তী সমাৰোহ বৰ্ষজোৰা কাৰ্যসূচীৰে শুভাৰম্ভ হৈছিল ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
પાવીજેતપુર તાલુકાના કરજવાંટ ગામે પોલીસે રેડ કરતા ચાર જુગારીઓ ઝડપાયા
પાવીજેતપુર,તા.૨૮
પાવીજેતપુર તાલુકાના કરજવાંટ...
तळेगाव-शिक्रापुर रस्त्यावरील मुरळ ओढ्याच्या पुलावर पाणी; वाहनांच्या लांबच लांब रांगा
सोमवार (दि.१७) रोजी रात्री झालेल्या मुसळधार पावसामुळे तळेगाव-शिक्रापुर रस्त्यावरील मुरळ ओढ्याच्या...
ખંભાતના છતરડી ગામે રૂ.10 ઉછીના ન આપતા એક ને માર મારતા ફરિયાદ.
ખંભાતના છતરડી ગામે રૂ.10 ઉછીના ન આપતા એક ને ગાળો બોલી ગડદાપાટુંનો માર મારતા ખંભાત ગ્રામ્ય પોલીસ...
કલોલમાં તું ગાડી અહીંયાથી સ્પીડમાં કેમ લઈ જાય છે એમ કહી ધોકા અને પાઇપ વડે યુવકને માર માર્યો
કલોલ : કલોલ ફોર્ચ્યુન એમ્પાયરમાં રહેતા નવીન દિનેશભાઈ શર્મા ગત તા.31 ના રોજ સાંજના 7:30 વાગે ઘરે...
હરીજ ની લોહાણા સમાજની વાડી ખાતે ગુરુ વંદના કાર્યંક્રમ યોજાયો..
હરીજ ની લોહાણા સમાજની વાડી ખાતે ગુરુ વંદના કાર્યંક્રમ યોજાયો..
આજરોજ હારીજ લોહાણા સમાજની...