টিংখাং সমষ্টিৰ অন্যতম আগশাৰীৰ চৰকাৰী বিদ্যালয় শ’লগুৰি উচ্চ মাধ্যমিক বিদ্যালয়ে সগৌৰৱেৰে সোণালী জয়ন্তী বৰ্ষ উদযাপন কৰিছে ৷ বৰ্ষজোৰা কাৰ্যসূচীৰে উদযাপন কৰা সোণালী জয়ন্তী সমাৰোহৰ সৈতে সংগতি ৰাখি উদযাপন সমিতিয়ে বৰ্ণাঢ্য কাৰ্যসূচী হাতত লৈছে ৷ সমাৰোহৰ সৈতে সংগতি ৰাখি বুধবাৰে উদযাপন সমিতিয়ে শিক্ষাৰ্থীসকল উপকৃত হ’ব পৰাকৈ এক ব্যতিক্ৰমী কৰ্মশালাৰ আয়োজন কৰে ৷ অসমীয়া বানান আৰু যুক্তাক্ষৰ কৰ্মশালা অনুষ্ঠিত কৰে উদযাপন সমিতিয়ে ৷ দুদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা কৰ্মশালাত শ’লগুৰি উচ্চ মাধ্যমিক বিদ্যালয়ৰ উপৰি দাঁতিকাষৰীয়া বহুকেইখন বিদ্যালয়ৰ তিনিশৰো অধিক শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰে ৷ কৰ্মশালাটি আনুষ্ঠানিকভাৱে উদ্ধোধন কৰে শলগুৰি মণ্ডলৰ মণ্ডল সমন্বয়ক প্ৰণৱ শৰ্মাই ৷ অনুষ্ঠানটিৰ আঁত ধৰে শিক্ষয়িত্ৰী লখিমী চুতীয়া গগৈয়ে ৷ কৰ্মশালাত প্ৰশিক্ষক হিচাপে অংশগ্ৰহণ কৰে টিংখাং উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অসমীয়া বিভাগৰ অৱসৰী বিষয় শিক্ষক জগত বকলীয়াল , একেখন বিদ্যালয়ৰে অসমীয়া বিভাগৰ অৱসৰপ্ৰাপ্ত বিষয় শিক্ষক সোণমাই বৰুৱা বকলীয়াল আৰু বাঘমৰা মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক জগত কোঁচে ৷ প্ৰশিক্ষকসকলে শিকাৰ্থীসকলক অসমীয়া শব্দৰ উচ্চাৰণ , যুক্তাক্ষৰ আৰু বানানৰ ওপৰত বিতংভাৱে প্ৰশিক্ষণ প্ৰদান কৰে ৷ কৰ্মশালা কাৰ্যসূচীত শিক্ষানুষ্ঠানখনৰ প্ৰধান শিক্ষক লক্ষীনন্দন ফুকন , বিদ্যালয়খনৰ শিক্ষক-শিক্ষয়িত্ৰী , অৱসৰপ্ৰাপ্ত শিক্ষক প্ৰেম বৰগোহাঞিকে প্ৰমুখ্যে কৰি বিভিন্ন শিক্ষানুষ্ঠানৰ মূৰব্বী আৰু শিক্ষকসকলে অংশগ্ৰহণ কৰে ৷ উল্লেখ্য যে ২০২১ বৰ্ষৰ ৩ ডিচেম্বৰত শ’লগুৰি উচ্চ মাধ্যমিক বিদ্যালয়ৰ সোণালী জয়ন্তী সমাৰোহ বৰ্ষজোৰা কাৰ্যসূচীৰে শুভাৰম্ভ হৈছিল ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
মাজুলীত আৰ এছ এছৰ ছাত্ৰ সন্মিলন
মাজুলীৰ উত্তৰ কমলাবাৰী সত্ৰ পেক্ষাগৃহত
আৰ এছ এছৰ ছাত্ৰ সন্মিলন অনুষ্ঠিত হয় ...
Amrinder Singh Raja Warring on Kangana Ranaut: किसान आंदोलन का जिक्र, कंगना को सुनाया| Loksabha
Amrinder Singh Raja Warring on Kangana Ranaut: किसान आंदोलन का जिक्र, कंगना को सुनाया| Loksabha
Zeenat Aman appreciates Jubilee star Wamiqa Gabbi's performance. - Newzdaddy
With its captivating plot and excellent acting, Jubilee on Amazon Prime Video is one of the most...
ગણપતિને વિસર્જન માટે લઈ જતી વખતે બાપ્પાના ખોળામાં બેસી ગઈ તેમની પ્યારી નાનકડી ભક્ત, જુઓ Video
ગણપતિને વિસર્જન માટે લઈ જતી વખતે બાપ્પાના ખોળામાં બેસી ગઈ તેમની પ્યારી નાનકડી ભક્ત, જુઓ Video