টিংখাঙৰ ৰাজগড়ত ডিব্ৰুগড় জিলা গোর্খা ছাত্ৰ সন্থাৰ সংবাদমেল। গোর্খা ছাত্ৰ সন্থাৰ জিলা সাধাৰণ সম্পাদক অমৰ লিম্বুৰ অনুপস্থিতিত ডিব্ৰুগড় জিলা গোর্খা ছাত্ৰ সন্থাৰ দ্বি-বাৰ্ষিক অধিবেশন টিংৰাই চাৰি আলি উচ্চ মাধ্যমিক বিদ্যালয়ত অসংবিধানীক ভাবে অনুষ্ঠিত হোৱা বাবে সংবাদমেল। পাঁচখনকৈ আঞ্চলিক সমিতিয়ে অধিবেশন খনক বিৰোধিতা কৰা সত্বেও অধিবেশন অনুষ্ঠিত কৰা লগতে জিলা সমিতিৰ বিভিন্ন বিষয়ববীয়া ওপৰত চৰাইদেউ আদালত চলি থকা গোচৰ নিষ্পত্তি নোহোৱাকৈ অসংবিধানীক ভাবে অধিবেশনখন অনুষ্ঠিত কৰিছে বুলি মন্তব্য কৰে। জিলা অধিবেশনৰ পূৰ্বেই প্ৰতিখন আঞ্চলিক পুনৰ গঠন কৰা সিদ্ধান্ত আছিল যদিও কেইখন মান আঞ্চলিক পুনৰ গঠন কৰা লগতে কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ অনুসৰি দুলীয়াজান আঞ্চলিক সমিতি গঠন কৰা সিদ্ধান্ত আছিল । কিন্তু কেন্দ্ৰীয় সমিতিৰ দুমুখীয়া নীতিৰ বাবে দুলীয়াজান আঞ্চলিক সমিতি পুনৰ গঠন নহল । সেয়ে উক্ত সমিতিখন অবৈধ বুলি সদৌ ডিব্ৰুগড় জিলা গোৰ্খা ছাত্ৰ সন্থাই ঘোষণা কৰা লগতে ডিব্ৰুগড় জিলা সমিতিখন স্বতন্ত্ৰ জিলা সমিতি বুলি সংবাদমেলত কয়। আনহাতে ,গোর্খা ছাত্ৰ সন্থা ডিব্ৰুগড় জিলা সমিতিৰ সাধাৰণ সভাৰ জৰিয়তে এখন নতুন সমিতি গঠন কৰে। গণেশ লামা সভাপতি, অমৰ লিম্বু সম্পাদক হিচাপে লৈ 27 জনীয়া এখন শক্তিশালী এখন ডিব্ৰুগড় জিলা সমিতি গঠন কৰে।