তেজপুৰত দুঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী ৰূপায়ন চাহ জনজাতি ছাত্ৰ সন্হা আৰু চাহ জনজাতি মহিলা সমিতিৰ৷ তেজপুৰ চানমাৰীস্হিত জিলা কাৰখানা পৰিদৰ্শকৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে চাহ জনজাতি ছাত্ৰ সন্হা আৰু অসম চাহ জনজাতি মহিলা সমিতিৰ শোণিতপুৰ আৰু বিশ্বনাথ জিলা সমিতিয়ে৷

উল্লেখ্য যে, লেপেটকটা চাহ বাগিছাৰ শ্ৰমিক মইনা নায়ক আৰু তালাপ চাহ বাগিছাৰ শ্ৰমিক বিনোদ মিঞ্জক আজি পৰ্যন্ত উচিত ক্ষতিপূৰণ প্ৰদান নকৰাৰ অভিযোগ উত্থাপন ছাত্ৰ সংগঠন আৰু মহিলা সমিতিৰ৷

সেয়ে দুয়ো গৰাকী শ্ৰমিককে উচিত ক্ষতিপূৰণ প্ৰদানৰ দাবী জনোৱাৰ লগতে প্ৰত্যেক চাহ ফেক্টৰী আৰু কল-কাৰখানাত নিয়োজিত শ্ৰমিকৰ সুৰক্ষা নিশ্চিত কৰাৰো দাবী জনাইছে সংগঠন দুটাৰ প্ৰতিনিধিয়ে৷