##নিশা গোলাঘাটৰ জামুগুৰি বকুলতলত গোলাঘাট আৰক্ষীৰ অভিযান।এটা বাসগৃহত মজুত কৰি ৰখা বৃহৎ পৰিমাণৰ অৰুনাচলী সুৰা জব্দ কৰিলে আৰক্ষীয়ে।

##অতিৰিক্ত আৰক্ষী অধীক্ষক অন্জন পন্ডিতৰ নেতৃত্বত যোৱা এটা আৰক্ষীৰ দলে গোপন সুত্ৰৰ পম খেদি নিপু সোনোৱাল নামৰ লোকজনৰ গৃহত অভিযান চলাওতে কাৰ্টুনে কাৰ্টুনে অৰুণাচলী সুৰা উদ্বাৰ কৰে।

##ইফালে আৰক্ষীৰ অভিযানৰ উমান পাই পলাল নিপু সোনোৱাল।বৰ্তমান গোলাঘাট আৰক্ষীয়ে সুৰাখিনি জব্দ কৰি তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে যদিও কাৰ নেতৃত্বত কিদৰে অৰুনাচলী সুৰাৰ বেহা চলাই আছে সেইয়া আৰক্ষীৰ সঠিক তদন্ত হে পোহৰলৈ আহিব। এই ঘটনাই তীব্ৰ চাঞ্চল্য সৃষ্টি কৰিছে এতিয়া