সোণাৰিত সন্দেহজনক পৰিস্থিতিত চাৰি যুৱতী আটক

সোণাৰিৰ ভজো ৰেল ষ্টেচনত ৰেল আৰক্ষীয়ে সন্দেহ জনক ভাবে আটক কৰিলে চাৰি কিশোৰীক।

চৰাইদেউ জিলাৰ সোণাৰি ভজো ৰেল ষ্টেচনৰপৰা আজি ৪ গৰাকী কিশোৰীক সন্দেহ জনক ভাবে ৰেল আৰক্ষীয়ে আতক কৰে । অৱধ আসাম এক্সপ্ৰেছ যোগে দিল্লীলৈ যাবলৈ আহোতেই ভজো ৰেল আৰক্ষীয়ে আটক কৰিলে  ডিব্ৰুগড় জিলাৰ নিলমণি বাগিচাৰ ৰশ্মি শিখ , চিৰিয়া গুৱালা , আৰু জুলীয়ানা লাকৰাক । ইয়াৰে ডিব্ৰুগড় জিলাৰ ৰাজগড়ৰ অনিষা বাউৰী নামৰ যুৱতীগৰাকীয়ে আন তিনিগৰাকী যুৱতীক  দিল্লীলৈ নিয়াৰ পৰিকল্পনা কৰোঁতেই আটক কৰিলে ভজো ৰেল আৰক্ষীয়ে

জানিব পৰা মতে, যুৱতী তিনিগৰাকীৰ ঘৰত নজনোৱাকৈয়ে দিল্লীলৈ নিয়াৰ পৰিকল্পনা কৰিছিল অনিষা বাউৰীয়ে । সম্প্ৰতি ভজো ৰেল আৰক্ষীয়ে সুধাপোছা অব্যাহত ৰাখিছে অধিক তথ্যৰ বাবে।।